ETV Bharat / state

জোনাই বেৰাচাপৰিত তিনিশতাধিক বানাক্ৰান্তৰ মাজত বান সাহাৰ্য বিতৰণ

author img

By

Published : Jul 24, 2020, 6:08 AM IST

জোনাই বেৰাচাপৰিত তিনিশতাধিক বানাক্ৰান্ত পৰিয়ালৰ মাজত বান সাহাৰ্য বিতৰণ ৷ অতিশ্ৰীঘ্ৰে ধেমাজি জিলাৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ দাবী অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৷

জোনাই বেৰাচাপৰিত তিনিশতাধিক বানাক্ৰান্তৰ মাজত বান সাহাৰ্য বিতৰণ
জোনাই বেৰাচাপৰিত তিনিশতাধিক বানাক্ৰান্তৰ মাজত বান সাহাৰ্য বিতৰণ

জোনাই, 23 জুলাই : "আহক আমি সকলোৱে হাতে-হাত ধৰি বানাক্ৰান্ত ৰাইজক সহায় কৰো" এই উদ্দেশ্য আগত লৈ বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হয় বান সাহাৰ্য শিৱিৰ ৷ জোনাই আঞ্চলিক আৰু জোনাইৰ সমাজকৰ্মীৰ সহযোগত বৃহস্পতিবাৰে চিয়াং নদীৰ বানৰ কৱলত পৰা জোনাই মহকুমাৰ বেৰাচাপৰি অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্ত ৰাইজৰ বুজ লৈ বান সাহাৰ্য বিতৰণ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে ৷

জোনাইৰ বানে বিধ্বস্ত কৰা বেৰা চাপৰি অঞ্চলত তিনিশতাধিক পৰিয়াললৈ বান সাহাৰ্য বিতৰণ কৰে ছাত্ৰ সংগঠনটোৱে ৷ লগতে বানাক্ৰান্ত অঞ্চলসমূহত ৰাইজৰ খোৱা পানীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৪টা দমকল স্থাপন কৰি দিয়াৰ লগতে চাউল,দাইল,মিঠাতেল,আলু,মম,চয়াবিন,বিস্কুট,নিমখ,মেক্সো পেকেট আদি প্ৰয়োজনীয় সামগ্ৰী বানাক্ৰান্ত ৰাইজক প্ৰদান কৰে ।

বান সাহাৰ্য বিতৰণ
বান সাহাৰ্য বিতৰণ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলাৰ সভাপতি জ্ঞান শৰ্মাই অতি শীঘ্ৰে ধেমাজি জিলাৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনায় কয়, "বানপীড়িত ৰাইজক পৰ্যাপ্ত পৰিমাণৰ সাহাৰ্য দিয়াৰ লগতে বানত ঘৰ-বাৰী ক্ষতি হোৱা ৰাইজক উপযুক্ত ক্ষতিপূৰণ দিয়ক ৷ বিগত সময়চোৱাত চৰকাৰে কিছুমান অভিলাষী আঁচনি আছিল,নদীৰ সূঁতি সোমালে চৰকাৰে প্ৰতিটো পৰিয়ালক ৩৭,৫০০ টকা কৈ ক্ষতিপূৰণ দিব বুলি ঘোষণা কৰিছিল,গতিকে চৰকাৰে যাতে ঘোষণাতেই সীমাবদ্ধ নাথাকি বানাক্ৰান্ত ক্ষতিপূৰণ দিয়ক ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চকু মেলি চাওক ৷ ১৪ জুলাইত জোনাইৰ বানপানী বুজ ল'ব আহি য'ৰ পৰা বানপানী আৰম্ভ হৈছে তাত ৫ মিনিট সময় থিয় হৈ ৰাইজক হাতযোৰ কৰি গুচি যায় ৷ থলুৱা ৰাইজৰ লগত ৰাজনীতি কৰা বন্ধ কৰক ৷"

লগতে সভাপতিগৰাকীয়ে পুনৰ কয় যে,ধেমাজি জিলাত বহুত চৰকাৰী মাটি বেদখল হৈছে তাৰে সামান্য অংশ হ'লেও বানাক্ৰান্ত ৰাইজক থাকিবলৈ সুবিধা কৰি দিবলৈ চৰকাৰক দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷কাৰ্যসূচীত ধেমাজি জিলা সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা,উপদেষ্টা নীল গগৈ,সাংগঠনিক সম্পাদক ধীৰাজ মিৰি,প্ৰচাৰ সম্পাদক জিতেন মিলি,জোনাই আঞ্চলিকৰ সভাপতি খগেন ডেকা উপস্থিত থাকে ৷

লগতে পঢ়কঃ প্ৰতিদিনেই মৃত্যুৰ আশংকাৰে বিপদসংকুল যাত্ৰা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.