জোনাই ১৩, এপ্ৰিল: শিক্ষা বিভাগে অতি কৌশলেৰে বাতিল কৰিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৭ সহস্ৰাধিক ভেন্সাৰ স্কুলৰ চৰকাৰী স্বীকৃতি (Venture Schools of Assam) ৷ শিক্ষা বিভাগে ভেন্সাৰ স্কুলৰ চৰকাৰী স্বীকৃতি বাতিল কৰাৰ লগে লগে ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ পৰিণত হ'ল ভেন্সাৰ স্কুলসমূহ ৷ এই সিদ্ধান্তৰ ফলত ৭,১৩৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশাৰ ৷
১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হ'বলগীয়া গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে ৰাজ্য়বাসী ব্য়স্ত থকাৰ সময়তেই শিক্ষা বিভাগে অতি কৌশলেৰে গ্ৰহণ কৰা ভেন্সাৰ স্কুলৰ চৰকাৰী স্বীকৃতি বাতিলে এইসকল শিক্ষকৰ জীৱনলৈ মাতি আনিলে অমানিশা (Cancellation of recognition of venture schools) ।
সমগ্ৰ শিক্ষা আৰু পি এম পোষণ ৰাজ্যিক নডেল বিষয়াই যোৱা ৬ এপ্ৰিলত স্বাক্ষৰিত এই নিৰ্দেশনাৰ পিচতে ৰাজ্যৰ হাজাৰ হাজাৰ ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে (Samagra Education and PM Nutrition Officer)। আন জিলাৰ সমান্তৰালকৈ ধেমাজিৰ জোনাইতো একেই প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । ইউ ডাইচৰ স্বীকৃতিপ্ৰাপ্ত চৰকাৰী সাহাৰ্যপ্ৰাপ্ত ভেন্সাৰ স্কুল আৰু পি এম পোষণৰ পৰা ভেন্সাৰ স্কুলসমূহৰ নাম আঁতৰাবলৈ নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে ৷
কেৱল এয়াই নহয়, স্বীকৃতি বাতিল হোৱা ভেন্সাৰ স্কুলসমূহলৈ এপ্ৰিল মাহৰ পৰা মধ্যাহ্ন ভোজনৰ চাউল যোগান বন্ধ কৰিবলৈ সকলো জিলালৈ নিৰ্দেশ দিছে বিভাগটোৱে ৷ উল্লেখ্য যে, ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উন্নীতকৰণৰ অৰ্থে একাংশ শিক্ষানুৰাগীৰ প্ৰচেষ্টাত ঠায়ে ঠায়ে গঢ়ি উঠিছিল ভেন্সাৰ স্কুল ৷ ইয়াৰে প্ৰাদেশীকিকৰণ নোহোৱা হাজাৰ হাজাৰ ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীয়ে চৰকাৰক প্ৰাদেশীকৰণৰ দাবী জনাই অহাৰ সময়তে চৰকাৰে লোৱা এনে কঠোৰ সিদ্ধান্তক লৈ সৰ্বস্তৰতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
একাংশ বঞ্চিত শিক্ষকে ক্ষোভেৰে কয় যে ৰাজ্য়ৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এনে বিদ্যালয়ত অধ্যয়ন কৰি আজি সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইফালে, ভেঞ্চাৰ বিদ্যালয় বুলি এইবৰ্ষৰ বিনামূলীয়া কিতাপ-পত্ৰও চৰকাৰে প্ৰদান নকৰাত পুৰণি কিতাপকে লৈ পাঠদান কৰিব লাগিব শিক্ষকসকলে ৷
লগতে পঢ়ক:Woman assaulted for dowry: যৌতুকৰ বাবে আঠমহীয়া অন্তঃসত্বা মহিলাক পাশৱিক নিৰ্যাতন স্বামীগৃহৰ !