ধেমাজি, 13 আগষ্ট : মহামাৰী কৰ’ণা গণ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি জিলা প্ৰশাসনে আৰম্ভ কৰিছে বাধ্যতামূলক ৰেপিড এন্টিজেন টেষ্ট প্ৰক্ৰিয়া ৷ ইয়াৰ বাবে ধেমাজি জিলা প্ৰশাসনে বুধবাৰে ধেমাজি,গোগামুখ আৰু চিলাপথাৰ নগৰৰ অধীনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিক-কৰ্মচাৰীসকলৰ ৰেপিড টেষ্ট কৰিবলৈ বাধ্যতামূলক কৰিবলৈ নিৰ্দেশনা দিয়ে ৷
সেয়ে পুৱা ৯ বজাৰ পৰা ধেমাজি সদৰৰ আটাইকেইটা স্ক্ৰীনিং টেষ্ট (covid-19) কেন্দ্ৰত ভিৰ কৰে শতাধিক লোকে ৷ লক্ষণীয়ভাৱে আজি পুৱাভাগৰ পৰা ধেমাজি নগৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰে ৷ জানিব পৰা মতে সন্ধিয়া 5 বজা পৰ্যন্ত ধেমাজিত ৩৫০০ৰো অধিক টেষ্ট কৰা হৈছে আৰু ইয়াৰে ১৫৬ গৰাকী বাতৰি যুগুত কৰা পৰ্যন্ত কোভিড পজিটিভ বুলি জানিব পৰা গৈছে ৷
ইপিনে এই সময়ছোৱাত ধেমাজি সদৰৰ কেইবাটাও পৰীক্ষণ কেন্দ্ৰত সামাজিক দূৰত্ব মানি নচলা কৈ ভিৰ কৰিছে বুলি অভিযোগ কৰিছে ৷
লগতে পঢ়কঃ পিপিই কীট পৰিহিত লোককলৈ মাছখোৱাত আতংক