ETV Bharat / state

গড়কাপ্তানি পথত প্ৰতিবন্ধকতা আনিছে উচ্চ পৰিবাহী বিদ্যুতৰ তাঁৰে

author img

By

Published : May 25, 2020, 5:09 PM IST

ধেমাজি-ঘিলামৰা সংযোগী নৱনিৰ্মিত গড়কাপ্তানি পথৰ সোঁমাজত মাজত উচ্চ পৰিবাহী তাঁৰৰ খুটা পোতাক লৈ ক্ষুব্ধ দল সংগঠনৰ ৷ অতি শীঘ্ৰে উক্ত কামত জড়িত ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী তুলিছে স্থানীয় দল সংগঠনে ৷

ETV BHARAT
ধেমাজিত গড়কাপ্তানি পথত উচ্চ পৰিবাহী তাঁৰৰ খুটা !!

ধেমাজি, 25 মেঃ ধেমাজিৰ ঘিলামৰা সংযোগী নৱনিৰ্মিত গড়কাপ্তানি পথৰ সোঁমাজত উচ্চ পৰিবাহী তাঁৰৰ খুঁটা । কাণ্ডজ্ঞানহীন বিভাগীয় ঠিকাদাৰৰ কামত ক্ষুব্ধ স্থানীয় ৰাইজৰ লগতে দল সংগঠন ।

ধেমাজি জিলাৰ ঘিলামৰা নৱনিৰ্মিত ৰাজ্যিক গড়কাপ্তানি পথৰ সোঁমাজত উচ্চ পৰিবাহী বিদ্যুৎৰ খুঁটা স্থাপনক শংকিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠন । ধেমাজি-ঘিলামৰা সংযোগী গড়কাপ্তানি পথটোৰ বুটিকোৰৰ সমীপৰ উৰিয়ামগুৰিত নৱনিৰ্মিত পকী দলঙখনৰ এটা পাৰে নৱনিৰ্মিত পথটো খান্দি ঠিকাদাৰে সংস্থাপন কৰিলে উচ্চ পৰিবাহী বিদ্যুতৰ খুঁটা । ফলত সংশ্লিষ্ট বিভাগীয় ঠিকাদাৰৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠন ।

ইতিমধ্যে স্থানীয় ৰাইজে এই দৃশ্যক ভাইৰেল কৰি দিছে সামাজিক মাধ্যমত । তাৰোপৰি, পকী দলং নিৰ্মাণ সম্পূৰ্ণ হৈছে যদিও দুই পাৰৰ কাম সম্পূৰ্ণ হোৱা নাই । আনহাতে দলংখনৰ কাম সম্পূৰ্ণ কৰিছে যদিও অতি নিম্নমানৰ কামেৰে দায়িত্ব সামৰা বুলি গুৰুতৰ অভিযোগ তুলিছে ঠিকাদাৰৰ বিৰুদ্ধে । আনহাতে, পথৰ দাঁতিত বাইক এখনো থিয় কৰাই ৰাখিব নোৱাৰি বুলি অভিযোগ কৰে স্থানীয় ৰাইজে । সেয়ে দুয়োটা বিভাগীয় ঠিকাদাৰ গাফিলতিৰ বাবেই ৰাইজে হাৰাশাস্তি খাবলগীয়া হয় বুলি ক্ষোভ প্ৰকাশ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিভাগীয় ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী জনাইছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ।

লগতে পঢ়ক-নগাঁৱত জীৱন্তে জ্বলাই হত্যা মহিলাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.