ETV Bharat / state

এখন বেনাৰৰ বাদে একোৱেই নাই জোনাইৰ চৰকাৰী অফিচটোত !

author img

By

Published : Jun 13, 2022, 5:26 PM IST

দুৱাৰ-খিৰিকি, টেবুল-চকী, বিদ্যুৎ অবিহনেই চলিছে এটা চৰকাৰী কাৰ্যালয় ৷ জোনাইৰ সামাজিক বনানিকৰণ বিভাগৰ কাৰ্যালয়ৰ গোহালিসদৃশ পৰিৱেশৰ বাবেই স্থবিৰ হৈ পৰিছে বহু উন্নয়ণমূলক কাম-কাজ (Social forestry office Jonai) ৷

এখন বেনাৰৰ বাদে একোৱেই নাই জোনাইৰ চৰকাৰী অফিচটোত !
এখন বেনাৰৰ বাদে একোৱেই নাই জোনাইৰ চৰকাৰী অফিচটোত !

জোনাই, ১৩ জুন: কেৱল ফলকতেই চলিছে জোনাইৰ এটা চৰকাৰী কাৰ্যালয় ৷ কাৰ্যালয়টোত নাই চকী-মেজ, নাই বিদ্যুতৰ সংযোগ ৷ উৱলি যোৱা ফাইল কেইটামান পৰি আছে জৰাজীৰ্ণ এটা কোঠাৰ এচুকত ৷

কেৱল অসম চৰকাৰৰ সামাজিক বনানিকৰণ বিভাগৰ কাৰ্যালয় বুলি এখন ফলক উলমি ৰৈছে জৰাজীৰ্ণ গৃহটোত (Jonai forest range office of social forestry) ৷ কাৰ্যালয়টোত ভিতৰচৰা দেখিলে চকু কপালত উঠিব সকলোৰে ৷ দুৱাৰ-খিৰিকি, চিলিং, মজিয়া আদি জহি-খহি পৰিণত হৈছেগৈ ভূত বাংলালৈ । ফলত কাৰ্যালয়টোৰ ভিতৰত এনে পৰিবেশত কৰ্মচাৰীয়ে কাম-কাজ কৰাৰ পৰা বিৰত থাকিবলগীয়া হৈছে ৷

বহিবলৈ চকী এখনো নথকা কাৰ্যালয়টোত আছে এটা বিকল টাইপ ৰাইটাৰ ৷ বিদ্যুতৰ সংযোগো নাই কাৰ্যালয়টোত ৷ আনকি গোহালি সদৃশ চৰকাৰী আবাস গৃহটোতো নাই খোৱাপানীৰ ব্যৱস্থা ৷ যাৰ ফলত জোনাই সামাজিক বনানিকৰণ বিভাগৰ বনাঞ্চলিক বিষয়াই জোনাই আৱৰ্ত্ত ভৱনত বাহৰ পাতি পালন কৰিবলগীয়া হৈছে দায়িত্ব ।

ইফালে জোনাইৰ সামাজিক বনানিকৰণ বিভাগটোৰ এই শ্মশান যাত্ৰাৰ ফলতেই স্থবিৰ হৈ পৰিছে ৰূপায়ণ কৰিবলগীয়া বহু উন্নয়নমূলক আঁচনি (Social forestry office Jonai)।

লগতে পঢ়ক: দুৰ্নীতি নকৰিলে প্ৰতিখন জিলাৰ তিনিজনকৈ কৰ্মচাৰীৰ কাৰ্যকাল এবছৰ বৃদ্ধি কৰা হ’ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.