ধেমাজি, 3 আগষ্টঃ অসম নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনত সোমবাৰে ধেমাজিত ৫৩০ টা PMAY গৃহৰ আঁচনি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে অসম নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই । ধেমাজি গ্ৰামোন্নয়ণ অভিকৰণ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত আধাৰশিলা স্থাপন কাৰ্যসূচীত PMAYৰ গৃহ লাভ কৰা ৫৩০ গৰাকী হিতাধিকাৰীৰ মাজৰ কেইবাগৰাকীও হিতাধিকাৰীৰ মাজত বিতৰণ কৰে চেক ৷
PMAYৰ গৃহ নিৰ্মাণৰ প্ৰথম কিস্তিৰ আশী হাজাৰ টকাৰ মুঠ 4 কোটি ২৪ লাখ টকাৰ পৰাই ধেমাজি নগৰ প্ৰাধিকৰণৰ অন্তৰ্গত কেইবাগৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ ৰঙিয়াত বানাক্ৰান্তক সহায়ৰ হাত শিল্পীৰ