ETV Bharat / state

Pathetic condition in Govt school: স্বাধীনতাৰ 75 বছৰ পাছতো নাৱেৰে বিদ্যালয়লৈ আহে শিক্ষাৰ্থী

author img

By

Published : Oct 28, 2022, 2:58 PM IST

জোনাইত উন্মোচিত হৈছে শিক্ষা বিভাগৰ পয়ালগা ছবি(Pathetic condition in Govt school) ।এটা শ্ৰেণী কোঠাত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বছৰ বছৰ ধৰি পাঠদান চলি আহিছে দুজন শিক্ষকেৰে । গৃহ নিৰ্মাণৰ বাবে নাই চৰকাৰৰ কোনোধৰণৰ সহায়-সাহায্য।

Pathetic condition of Govt school in Jonai
Pathetic condition in Govt school: স্বাধীনতাৰ 75 বছৰ পাছতো নাৱেৰে বিদ্যালয়লৈ আহে শিক্ষাৰ্থী

জোনাই ২৮অক্টোবৰ: ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ আন এখন পয়ালগা ছবি সদ্যহতে পোহৰলৈ আহিছে ৷ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ মানদণ্ড উন্নীত কৰিবলৈ চৰকাৰে গুণোৎসৱকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি থকাৰ সময়তে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ দুৰ্ভাগ্যজনক ঘটনা উন্মোচিত হৈছে ৷ তাকো সংঘটিত হৈছে অসমৰ শিক্ষামন্ত্ৰী স্বয়ং ড৹ ৰনোজ পেগুৰ গৃহ জিলা ধেমাজিৰ জোনাইত(Poor condition of Govt school) ৷ উল্লেখ্য যে, জিলাখনৰ জোনাইৰ শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ দেখিলে যিকোনো সচেতন ব্যক্তিৰে চকু কপালত উঠিব ।

দেশে স্বাধীনতা লাভ কৰাৰ 75 বছৰ পাছতো আলোকৰ সন্ধানত কণ কণ শিক্ষাৰ্থীয়ে কৰিবলগীয়া হৈছে মৰণফাণ্ড নাও যাত্ৰা ৷ আনফালে চৰকাৰী বিদ্যালয়ত দুজন শিক্ষকেৰে বিগত প্ৰায় 5 বছৰ ধৰি অব্যাহত আছে পাঠদান প্ৰক্ৰিয়া ৷ তাকো ৮টাকৈ শ্ৰেণীৰ । অৰ্থাৎ প্ৰথমৰ পৰা অষ্টম শ্ৰেণী পৰ্যন্ত শিক্ষাৰ্থীক শিক্ষাপ্ৰদান কৰিছে মাত্ৰ দুগৰাকী শিক্ষকে (Poor condition of Govt school in Nalbari)৷

মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত লালী নদীৰ নৈ-পৰীয়া গাঁৱৰ চেঙাজান গুৱালা গাঁৱস্থিত চেঙাজান কৈৱৰ্ত্ত প্ৰাথমিক বিদ্যালয়ে আজিলৈকে ঢুকি পোৱা নাই বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে চৰকাৰৰ পৰা কোনোধৰণৰ অৰ্থিক অনুদান । যাৰ ফলত বছৰ বছৰ ধৰি এটা শ্ৰেণীকোঠাতে আঠটা শ্ৰেণীৰ পাঠদান চলাবলগীয়া হৈছে শিক্ষানুষ্ঠান কৰ্তৃপক্ষই । ইয়াৰ উপৰিও বিদ্যালয়খনত নাই পৰ্যাপ্ত শিক্ষক।

প্ৰায় ১০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত মাত্ৰ দুজন শিক্ষকেৰে 5 বছৰ ধৰি পাঠদান চলি অহাত শিক্ষা লাভত ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে । তদুপৰি বিদ্যালয়খনত মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ যথেষ্ঠ প্ৰয়োজন আছে যদিও চৰকাৰী নিৰ্বিকাৰ ভূমিকাৰ বাবেই প্ৰাথমিক পৰ্যায়ৰ শিক্ষকেই প্ৰদান কৰিবলগীয়া হৈছে শতাধিক শিক্ষাৰ্থীক পাঠদান ৷ সমস্যাটো সন্দৰ্ভত ইতিমধ্যে জিলাখনৰ শিক্ষা বিভাগৰ উন্নয়ন বিষয়া কৰবী ডেকাক কেইবাবাৰে অৱগত কৰা হৈছে যদিও সমস্যটো সন্দৰ্ভত উদাসীন মনোভাৱ পোষণ কৰা পৰিলক্ষিত হৈছে উন্নয়ন বিষয়াগৰাকীয়ে ৷

সংশ্লিষ্ট এলেকাটোৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তথা এক সুস্থ বৌদ্ধিক পৰিৱেশ গঢ় দিয়াৰ স্বাৰ্থত স্থানীয় নৈ পৰীয়া ৰাইজে চৰকাৰ তথা স্থানীয় প্ৰশাসনক গৃহ নিৰ্মাণৰ লগতে বিদ্যালয়খনত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্ত দিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক: Erosion in Chabua : মামা এবাৰ আহি আমাক চাই যাওক, খহনীয়াগ্ৰস্তৰ প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.