ধেমাজি, 25 জুনঃ সমগ্ৰ বিশ্বৰ লগতে অসমতো আক্ৰান্ত হৈছে বহু স্বাস্থ্য কৰ্মী ৷ বুধবাৰে ধেমাজি অসামৰিক চিকিৎসালয়ত নাৰ্চৰ দেহত ধৰা পৰে COVID-19 ৷ নাৰ্ছ গৰাকীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাচতে হাহাকাৰৰ সৃষ্টি হয় চিকিৎসালয় খনত ৷
আক্ৰান্ত হোৱা নাৰ্ছ গৰাকীৰ নাম এঞ্জেলিনা দেমতা ৷ তেওঁ বুধবাৰৰ দিনাও 1.30 বজালৈ চিকিৎসালয়খনৰ প্ৰসূতি কক্ষত নিজৰ কৰ্তব্য পালন কৰি আছিল ৷
লগতে পঢ়কঃ গণ সংক্ৰমন হোৱাৰ লক্ষণ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতালত