ধেমাজি, 14 ডিচেম্বৰ: কৃষি আইন বাতিল কৰা,বিদ্যুতৰ নতুন বিল বাতিল কৰা আৰু দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত ধেমাজি নগৰত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদী সমদল ৷ সোমবাৰে ধেমাজি নগৰ চাৰিআলিৰ পৰা তিনিআলিলৈকে বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে নিখিল ভাৰত কৃষক সভাৰ শতাধিক কৰ্মীয়ে ৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত তথা নতুন বিদ্যুতৰ বিল বাতিলৰ দাবীত বিগত কেইবাদিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে বহু দল-সংগঠনে ৷
আনহাতে নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীতো অপ্ৰতিৰোধ্য কৃষকৰ বিদ্ৰোহ ৷ সোমবাৰে নতুন কৃষি আইন প্ৰত্যাহাৰৰ দাবীৰে কৃষকসকলে আৰম্ভ কৰা কৃষক বিদ্ৰোহৰ অংশ হিচাপে কৃষি ইউনিয়নৰ নেতাসকলে এদিনীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷ কৃষকৰ এই বিদ্ৰোহৰ প্ৰতি সমৰ্থন আগবঢ়াই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ কেন্দ্ৰীয় চৰকাৰক অহংকাৰ ত্যাগ কৰি আইন খন প্ৰত্যাহাৰ কৰাৰ বাবে আহ্বান জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও এদিনীয়া অনশন কাৰ্যসূচী পালন কৰে ৷ আনহাতে কৃষকৰ বিদ্ৰোহক মাওবাদী, বাওঁপন্থী আৰু ৰাষ্ট্ৰদ্ৰোহী শক্তিয়ে হাইজেক কৰাৰ অভিযোগ বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ ৷
লগতে পঢ়কঃ বিশিষ্ট সাহিত্যিক তথা শিল্পী জয়কান্ত গন্ধিয়াৰ দেহাৱসান