ধেমাজি, 16 নৱেম্বৰ : ধেমাজি জিলাৰ এখন বিশেষ চৰকাৰী বিদ্যালয় ৷ বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশে আকৰ্ষিত কৰি আহিছে ছাত্ৰ-ছাত্ৰীকে ধৰি সকলোকে ৷ কি শ্ৰেণীকোঠা, কি শ্ৰেণীকোঠাৰ বাহিৰৰ পৰিৱেশ ৷ হাজাৰখন বেচৰকাৰী বিদ্যালয়ক ফেৰ মাৰিব পৰা গুণ আছে এই বিশেষ বিদ্যালয়খনৰ ৷
আমি উল্লেখ কৰা এই বিশেষ বিদ্যালয়খন হৈছে ধেমাজি শিক্ষাখণ্ডৰ অধীনৰ ধেমাজিৰ নলনিপাম প্ৰাথমিক বিদ্যালয় ৷ যি সময়ত ৰাজ্যত এখনৰ পিছত আনখন চৰকাৰী খণ্ডৰ বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হ’ব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, তেনে সময়ত ধেমাজিৰ এইখন চৰকাৰী বিদ্যালয়ে বেচৰকাৰী খণ্ডৰ বিদ্যালয়সমূহকো প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে ৷
১৮৮৪ চনতে স্থাপন হোৱা এই বিদ্যালয়খনত অধ্যয়ন কৰি শিক্ষাৰ্থী সকলে একোগৰাকী সুনাগৰিক হোৱাৰ লগতে অলেখজনে দেশৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিস্থিত হোৱাৰ লগতে সমাজত বটবৃক্ষৰ দৰে থিয় হ’বলৈ সক্ষম হৈছে বহুজন ৷ গৌৰৱৰ কথা এইয়ে যে, তাহানিৰ সেই মাতৃভাষাৰ বিদ্যালয়খন আজিও চৰকাৰী বিদ্যালয়ৰ দুৰ্দিনৰ সময়তো নিজৰ গৰিমা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈ আছে ৷ ইপিনে বিদ্যালয়খনৰ উত্তৰণৰ বাবে ধেমাজি জিলাৰ শিক্ষা বিভাগেও যথেষ্ট দিহা পৰামৰ্শ দি অহাৰ লগতে চৰকাৰী আচঁনি সমূহ সফল ৰূপত ৰূপায়ন কৰি আহিছে বিদ্যালয়ৰ কতৃপক্ষই ৷
লগতে পঢ়ক : Income Tax Raid : কৈলাশ লোহিয়াৰ বাসগৃহ-কাৰ্যালয়ত চলিল অভিযান
আগন্তুক দিনত নলনিপাম প্ৰাথমিক বিদ্যালয়ৰ আৰ্হিত ৰাজ্যৰ অন্যান্য চৰকাৰী বিদ্যালয়তো ছাত্ৰ ছাত্ৰীৰ আগমন ঘটাৰ লগতে অসমীয়া মাতৃভাষাৰ বিদ্যালয়সমূহে বেচৰকাৰী খণ্ডৰ বিদ্যালয় সমূহক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ‘ব বুলি আশাবাদী সকলো ৷ তাৰোপৰি গুনগত শিক্ষাৰ দিশৰ পৰাও চৰকাৰী বিদ্যালয় সমূহ অধিক জাকত জিলিকা হৈ পৰিব বুলি আশা প্ৰকাশ কৰিছে ধেমাজি শিক্ষা খণ্ডৰ আঁচনি বিষয়া অৱনী নাথে ৷ এতিয়া সকলোৰে গৌৰৱ শতবছৰ গৰকা ঐতিহ্যমণ্ডিত নলনিপাম প্ৰাথমিক বিদ্যালয় ৷
লগতে পঢ়ক : HSLC Exam : ২৫ নৱেম্বৰৰ পৰা অনলাইন প্ৰ-পত্ৰ পূৰণ