ধেমাজি, 12 নৱেম্বৰ: সদৌ অসম মইনা পাৰিজাতৰ তৰফৰ পৰা ইতিপূৰ্বে ঘোষিত শিশু বন্ধু উপাধি প্ৰাপক ধেমাজিৰ ভেহপৰা গাঁৱৰ নিবাসী তথা ধেমাজি জিলা মইনা পাৰিজাতৰ প্ৰতিষ্ঠাপক সভাপতি ভাৰতী গগৈ বৰুৱাক বৃহস্পতিবাৰে নিজা বাসগৃহত মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

উল্লেখ্য যে, 'কা' আন্দোলনৰ পিছত কৰ'ণা আতংকৰ বাবে এই উপাধি প্ৰদান অনুষ্ঠান শিক্ষয়িত্ৰী গৰাকীৰ বাসগৃহতে অনুষ্টপীয়াকৈ আয়োজন কৰা বুলি উদ্যোক্তাই জানিবলৈ দিয়ে । মনেশ্বৰ গগৈয়ে আঁত ধৰা অনুষ্ঠানত শিশুসকলৰ উৎকৰ্ষ বিকাশৰ বাবে আৰু ধেমাজি জিলা মইনা পাৰিজাতৰ হকে দেহে কেহে কাম কৰি যোৱা শিশু বন্ধু উপাধি প্ৰাপক ভাৰতী গগৈ বৰুৱাক উপস্থিত সকলোৱে অভিনন্দন জনাই সু স্বাস্থ্য কামনা কৰে । অনুষ্ঠানত সদৌ অসম মইনা পাৰিজাতৰ বিষয় ববীয়াৰ লগতে ধেমাজি জিলা মইনা পাৰিজাতৰ বিষয়ববীয়া উপস্থিত থাকে ।
লগতে পঢ়ক: দীপাৱলীৰ বাবে মহানগৰীৰ ফাঁচীবজাৰত গ্ৰাহকৰ ভিৰ