ETV Bharat / state

সমষ্টিত নিম্ন মানৰ পকী পথ নিৰ্মাণে জ্বলা কলা খুৱাইছে ভূৱন পেগুক - jonai news

নিৰ্মাণকাৰ্য চলি থকাৰ মাজতে জোনাইৰ এটা পকী পথৰ বিতুমিন চপৰা চপৰে এৰি যোৱাৰ অভিযোগ ৷ নিম্ন মানৰ পথ নিৰ্মাণক লৈ সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন বিধায়ক ভূৱন পেগু ৷ নিজেই গৈ পথ পৰিদৰ্শন কৰিলে বিধায়ক গৰাকীয়ে ৷

jonai poor road condition
সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতে বিধায়ক গৰাকীয়ে পথটো পৰিদৰ্শন কৰে
author img

By

Published : Dec 10, 2020, 7:55 AM IST

জোনাই, 10 ডিচেম্বৰ: অতি নিম্ন মানৰ পকী পথ নিৰ্মাণক লৈ সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতে পথ নিজে পৰিদৰ্শন কৰি ঠিকাদাৰৰ কামৰ নমুনা দেখি ক্ষোভিত হৈ পৰে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু ৷

জানিব পৰা মতে চলিত মাহত বিধায়ক ভূৱন পেগুৱে পকী পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰাৰ পাছতে জোনাইৰ পথৰ দুৰৱস্থাক লৈ বিধায়ক গৰাকী সামাজিক মাধ্যমত যথেষ্ট সমালোচনাৰ সন্মুখীন হয় ৷ এই ঘটনাৰ পাছতে বিধায়ক গৰাকীয়ে নিজে পথটো পৰিদৰ্শন কৰে আৰু পথ নিৰ্মাণৰ নমুনা দেখি ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে ৷

সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতে বিধায়ক গৰাকীয়ে পথটো পৰিদৰ্শন কৰে

পেগুৱে জানিবলৈ দিয়ে যে উক্ত পথটোৰ নিৰ্মাণৰ কাম চলিত বৰ্ষত নহয় বৰঞ্চ বিগত বৰ্ষতেই দিয়া হৈছিল ৷ উক্ত ঠিকাদাৰ গৰাকী প্ৰকৃতাৰ্থত আধা ঠিকাদাৰ আৰু আধা ৰাজনীতিবিদ বুলি দাবী কৰি পেগুৱে অভিযোগ কৰে যে পথটো নিৰ্মাণৰ দায়িত্বত থকা ব্যক্তি গৰাকী দুৰ্নীতিগ্ৰস্ত বুলি তেওঁ পূৰ্বতেই জ্ঞাত ৷ কিন্তু কিবা প্ৰকাৰে তেওঁ পথটো নিৰ্মাণ কৰাৰ ঠিকা লাভ কৰে ৷

এবছৰ পূৰ্বেই আৱন্টন দিয়া কামৰ নমুনা পৰিদৰ্শন কৰি ঠিকাদাৰ তথা বিজেপি দলৰ জোনাই সমষ্টিৰ টিকটৰ দাবীদাৰ মাধৱ মুছাহাৰীৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰি বিধায়ক গৰাকীয়ে এনেধৰণৰ দুৰ্নীতিগ্ৰস্ত ব্যক্তিক গোচৰ দি জেলত ভৰাব লাগে বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: ধেমাজি ছাত্ৰ সন্থাৰ উদ্যোগত লুৰিণজ্যোতি গগৈক বিদায় সম্ভাষণ

For All Latest Updates

TAGGED:

jonai news
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.