ধেমাজি, ১০ ডিচেম্বৰ: ধেমাজি সদৰ থানাৰ অন্তৰ্গত চমৰাজানৰ কেকুৰি আহোম গাঁৱৰ বিপুল বুঢ়াগোঁহাই নামৰ লোকজনৰ মৃতদেহ শনিবাৰে উদ্ধাৰ হয়(Dead body recovered from Dhemaji) ৷ শনিবাৰে পুৱাৰে পৰা বঙালমাৰী ঘাটত এছ ডি আৰ এফে অভিযান চলাই উদ্ধাৰ কৰে মৃতদেহটো ৷ পেচাত গাড়ী চালক বিপুল বুঢ়াগোহাঁইৰ মৃতদেহটো নিজৰ গাড়ীখনৰ পিছৰ চিটত উদ্ধাৰ হোৱা ঘটনাই ৰহস্য সৃষ্টি কৰিছে ৷ আনহাতে বিপুল বুঢ়াগোহাঁই পৰিয়ালে এগৰাকী বিতৰ্কিত মহিলাৰ নাম লৈ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি মন্তব্য কৰিছে ৷
উল্লেখ্য যে, ১৮ নৱেম্বৰৰ পৰা নিজা এল্ট' গাড়ীসহ নিখোজ হৈ আছিল ধেমাজি সদৰ থানাৰ অন্তৰ্গত চমৰাজানৰ কেকুৰি আহোম গাঁৱৰ বিপুল বুঢ়াগোহাঁই নামৰ লোকজন ৷ বিপুল বুঢ়াগোহাঁই নিখোজ হোৱা ঘটনাক লৈ পৰিয়ালটোৰ মাজত সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতি ৷ তেওঁলোকে বহু বিচাৰ খোচাৰ চলাইও বিপুল বুঢ়াগোহাঁইৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ ইয়াৰ পাছতেই শুকুৰবাৰে বিয়লি বঙালমাৰী ঘাটৰ সমীপত গাড়ীৰ চকাৰ চিহ্ন প্ৰত্যক্ষ কৰা হয় ৷
আৰক্ষীয়ে ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতে শুকুৰবাৰে বিয়লি ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু শনিবাৰে পুৱাৰে পৰা এছডিআৰএফৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ ধেমাজি আৰক্ষীৰ উপস্থিতিত ডুবাৰুৱে সুদীৰ্ঘ ৬ ঘণ্টাজোৰা অভিযান চলাই নিখোজ হৈ থকা গাড়ীসহ বিপুল বুঢ়াগোহাঁইৰ মৃতদেহ উদ্ধাৰ কৰে(Dead body recovered from Dhemajis Bongalmari Ghat) ৷ বঙালমাৰী ঘাটৰ গভীৰ পানীৰ তলৰ পৰা বিপুল বুঢ়াগোহাঁইৰ মৃতদেহৰ লগতে তেওঁৰ এল্ট্ৰ গাড়ীখন উদ্ধাৰ হোৱা ঘটনাই সকলোৰে মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
আনহাতে পেচাত গাড়ীচালক বিপুল বুঢ়াগোহাঁইৰ মৃতদেহটো তেওঁৰ নিজৰ গাড়ীৰ পাছৰ চিটত উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে ৰহস্যৰ(Missing Drivers Body Recovered) ৷ বিপুল বুঢ়াগোহাঁইৰ পৰিয়ালে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলিহে দৃঢ় মত ব্যক্ত কৰিছে ৷ তেওঁলোকে এগৰাকী বিতৰ্কিত মহিলাৰ নাম উল্লেখ কৰি এই সমগ্ৰ ঘটনাত তেওঁ জড়িত থকাৰ সন্দেহ কৰিছে ৷
লগতে পঢ়ক : Chirang Firing incident : খুংগ্ৰীঙৰ সংৰক্ষিত বনাঞ্চলত গুলীচালনা, বন সুৰক্ষা কৰ্মীৰ গুলীত আহত যুৱক !