ETV Bharat / state

ধেমাজিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় মে-ডাম মে-ফী

author img

By

Published : Jan 28, 2021, 9:35 PM IST

চাৰিদিনীয়া কাৰ্যসূচীৰে ধেমাজিত আয়োজন কৰা হৈছে পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় মে-ডাম মে-ফী অনুষ্ঠান ৷ ধেমাজি ডি আৰ ডিএ খেল পথাৰত অনুষ্ঠিত হৈছে এই অনুষ্ঠান ৷

me-dam-mei-fi-by-tai-ahom-student-union-at-dhemaji
ধেমাজিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় মে-ডাম মে-ফী

ধেমাজি,28 জানুৱাৰী: সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ ধেমাজি সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত 28 জানুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসুচীৰে অনুষ্ঠিত হৈছে পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় মে-ডাম মে-ফী অনুষ্ঠান ৷ ধেমাজি ডি আৰ ডিএ খেল পথাৰত অনুষ্ঠিত হৈছে এই অনুষ্ঠান ৷ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা সামুহিক চাফাই অভিযানৰে অনুষ্ঠান আৰম্ভ কৰে উদ্যোক্তা সকলে ৷ ইয়াৰ পাছতে আটাছুৰ উপ সভাপতি দুলাল বৰুৱাৰ দ্বাৰা অনুষ্ঠানৰ মুখ্যদ্বাৰ উদ্বোধন কৰা হয় ৷ লগতে মৈদাম তপৰ্ণ কৰে আটাছুৰ কাৰ্যকৰী সভাপতি খগেন কোঁৱৰে ৷ আনহাতে চ্যুকাফা প্ৰতিমূৰ্তিত মল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰে ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক বৰগোহাঁইয়ে ৷

ইফালে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ নেওগে ৷ ইয়াৰ পাছতে ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা "আই চিঙ লাউ " অনুষ্ঠিত হয় ৷

লগতে পঢ়কঃ বশিষ্ঠত ভয়াৱহ অগ্নিকাণ্ড : ভাড়াঘৰসহ কাৰখানা ভস্মীভূত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.