ETV Bharat / state

Me dam Me Fi Celebration: চিমেন চাপৰিত মে-ডাম-মে-ফী উদযাপন

author img

By

Published : Feb 1, 2023, 3:33 PM IST

মঙলবাৰে ৰাজ্যজুৰি উদযাপন কৰা হয় আহোমসকৰ পৱিত্ৰ উৎসৱ মে-ডাম-মে-ফী(Me dam Me Fi celebration in Assam) । ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে চিমেন চাপৰি চাও ছেং ৰৌণতো উদযাপন কৰা হয় অষ্টম বাৰ্ষিক চিমেন চাপৰি কেন্দ্ৰীয় মে-ডাম-মে-ফী(Me dam Me Fi Celebrated in Jonai) । মে-ডাম-মে-ফীৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় চাওলুং চ্যুকাফা উদ্যান আৰু প্ৰতিমূৰ্তি ।

Me dam Me Fi Celebrated in Jonai
চিমেন চাপৰিত মে-ডাম-মে-ফী উদযাপন
চিমেন চাপৰিত মে-ডাম-মে-ফী উদযাপন

জোনাই,৩১ জানুৱাৰী: চিমেন চাপৰি আঞ্চলিক তাই আহোম ছাত্র সন্থাৰ উদ্যোগত আৰু চিমেন চাপৰিবাসী ৰাইজৰ সহযোগত মঙলবাৰে চিমেন চাপৰি চাও ছেং ৰৌণত অষ্টম বাৰ্ষিক চিমেন চাপৰি কেন্দ্ৰীয় মে-ডাম-মে-ফী উদযাপন কৰা হয় (Me dam Me Fi Celebrated in Jonai) । মে-ডাম-মে-ফীৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় চাওলুং চ্যুকাফা উদ্যান আৰু প্ৰতিমূৰ্তি । অনুষ্ঠানৰ পুৱা ৭ বজাত চিমেন চাপৰি সন্মিলিত নাৰী ঐক্য বিকাশ আৰু সুৰক্ষা মঞ্চৰ নেতৃত্বত পৰিৱেশ নিকাকৰণৰ পাছত পুৱা ৮ বজাত পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি গোবিন গগৈয়ে আৰু আটাছুৰ চিমেন চাপৰি আঞ্চলিক সমিতিৰ সভাপতি জয়ন্ত গগৈয়ে(Me dam Me Fi celebration in Assam) ।

পুৱা ৯ বজাত মৈদাম তৰ্পণ কৰে চিমেন চাপৰিৰ মলুং ভদ্ৰেশ্বৰ দোলাকাষৰীয়াই । পুৱা ৯-৩০ বজাত চিমেন চাপৰি আঞ্চলিক ফুৰালুং সংঘৰ নেতৃত্বত মে-ডাম-মে-ফীৰ মাঙ্গলিক অনুষ্ঠানৰ পাছত পুৱা ১১ বজাত চাওলুং চ্যুকাফা উদ্যান উন্মোচন কৰে চিমেন চাপৰি গাওঁ পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰে । পুৱা ১১-৩০ বজাত চিমেন চাপৰি গাওঁ পঞ্চায়তৰ ২০২১-২০২২ বিত্তীয় বৰ্ষৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনৰ ৪.৭৭ লাখ টকাৰ পুঁজিৰে নিৰ্মাণ সম্পূৰ্ণ কৰি উলিওৱা চাওলুং চ্যুকাফা প্ৰতিমূৰ্তি উন্মোচন কৰে ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈয়ে(Me Dam Me Fi of the Ahoms) ।

ইয়াৰ পাছতে দুপৰীয়া ১২ বজাত গোবিন গগৈৰ সভাপতিত্বত অনুষ্ঠিত কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি আটাছুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱাই কয় বৰ অসম গঢ়া চ্যুকাফাৰ বংশধৰ সকলে আজি অস্তিত্বৰ সংকটত ভূগিব লগীয়া হৈছে । আহোম সকলক নিশকটীয়া কৰিবলৈ সদায় এটা চামে ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে বুলি উল্লেখ কৰে । লগতে চৰকাৰে সাম্প্ৰতিক সময়ত মে-ডাম-মে-ফী ৰাজকীয়ভাৱে উদযাপন কৰিবলৈ লৈছে আৰু মহাবীৰ লাচিতক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে তেওঁ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।

চৰকাৰৰ এনে পদক্ষেপৰ আদৰণি জনাই তেওঁ কয় যে ছশবছৰ শাসন কৰা আহোম জাতিটোক প্ৰাপ্য অধিকাৰৰ পৰা বিভিন্ন ধৰণে বঞ্চিত কৰি অহা কাৰ্যৰ বিৰোধিতা সদায় কৰি যাব । আন এগৰাকী মুখ্য অতিথি আটাছুৰ যুটীয়া সম্পাদক মনোজ গগৈয়ে কয় তাই আহোম সকলে পুলিন পুথাও সকলৰ পৰা আশীৰ্বাদ লাভ কৰিলেহে উত্তৰ পুৰুষসকলে চাওলুং চ্যুকাফাৰ বৰ অসম গঢ়াৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম হ'ব । লগতে গগৈয়ে কয় যে অসমীয়া জাতিক শক্তিশালী কৰিবলৈ যাওঁতে আহোম সকলে বহু হেৰুৱাব লগা হ'ল ।

গতিকে নৱপ্ৰজন্মই পূৰ্বপুৰুষসকলৰ আদৰ্শৰে আগবাঢ়ি জাতীয় স্বভিমান অক্ষুন্ন ৰাখিব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায় । মুকলি সভাত স্মৃতিগ্ৰন্থ বাইফাই উন্মোচন কৰি পূৰ্বাঞ্চল মহাবিদ্যালয়, চিলাপথাৰৰ জ্যেষ্ঠ অধ্যাপক বিনন্দ বৰুৱাই কয় চাওলুং চ্যুকাফাই বৰ অসমৰ বুনিয়াদ নিৰ্মাণ কৰি গৈছে । উদাৰ দৃষ্টিভংগী নীতিৰে চ্যুকাফাই সৰু-বৰ সকলো জাতি-জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি মহান আদৰ্শৰ বাট দেখুৱাই গৈছে ।

মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই কয় মে-ডাম-মে-ফীৰ গুৰুত্ব আৰু মহত্ব অটুট ৰাখিবলৈ হ'লে আমাৰ মাজত আধ্যাত্মিক চিন্তাৰ প্ৰতিফলন ঘটিব লাগিব । নহ'লে ইতিমধ্যেই মঞ্চলৈ গতি কৰা বিহুক সুৰক্ষা দিবলৈ যেনেদৰে এতিয়া বিহু সুৰক্ষা সমিতি গঠন কৰিবলগীয়া হৈছে, সেইধৰণে মে-ডাম-মে-ফী মঞ্চলৈ গতি কৰিবলগীয়া নহয় তাৰবাবে ইয়াৰ মহত্ব আৰু ঐতিহাসিক তাৎপৰ্য এতিয়াই সকলোৱে বুজিব লাগিব ।

লগতে তেওঁ কৃষিকৰ্ম আৰু গ্ৰাম্য জীৱন- জীৱিকাৰ সৈতে নিবিড় সংপৃক্ত মিচিং সকলৰ মিচিঙৰ আলি-আয়ে-লৃগাং ইতিমধ্যে মঞ্চলৈ গতি কৰিব বিচৰা কাৰ্য্যক মিচিং বাঃনৌ কৌবাঙে উদ্ধিগ্ন প্ৰকাশ কৰি ইয়াৰ নিৰাময়ৰ বাবে চিন্তা চৰ্চ্চা কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে । উদযাপন সমিতিৰ সম্পাদক নকুল টিপমীয়াই আঁতধৰা সভাত চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলে, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, ধেমাজি জিলা আগছুৰ সদস্য গণেশ থাপা, চিমেন চাপৰি আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ সভাপতি লক্ষীনাথ চুতীয়াকে আদি কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: Ground water crisis in Guwahati: শেষ হ’ল ভূগৰ্ভৰ ৭০ শতাংশ পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.