ETV Bharat / state

Kati Bihu observed at Jonai:জোনাইত উলহ মালহেৰে লখিমী আদৰা উৎসৱ পালন

author img

By

Published : Oct 19, 2022, 8:44 PM IST

বাথৌ ধৰ্মাৱলম্বী বড়ো সমাজত মাজত চলি অহা লখিমী আদৰা অনুষ্ঠান (Kati Bihu at Jonai) জোনাই মহকুমাৰ বিভিন্ন স্থানত পালন কৰা হয় । এই উপলক্ষে শ্ৰদ্ধাঞ্জলি অৰ্পণ, বাথৌ প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয় । পহিলা কাতিত পালন কৰি অহা লখিমী আদৰাৰ পৰম্পৰা আৰু সমাজ জীৱনত ইয়াৰ প্ৰাসংগিকতা সম্পৰ্কে বিভিন্ন বক্তাই ব্য়াখ্য়া কৰে ।

Kati Bihu observed at Jonai
জোনাইত উলহ মালহেৰে লখিমী আদৰা উৎসৱ পালন

জোনাই, ১৯অক্টোবৰ: অতীজৰে পৰা পৰম্পৰাগতভাৱে বাথৌ ধৰ্মাৱলম্বী বড়ো সমাজত মাজত চলি অহা লখিমী আদৰা অনুষ্ঠান ধেমাজি জিলাৰ আন ঠাইৰ লগতে জোনাই মহকুমাৰ বিভিন্ন স্থানত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় (Lakshmi Puja celebrate at Jonai)। বাথৌ মহাসভাৰ মধ্য জোনাই আঞ্চলিক (Bathou Mahasabha) সমিতিৰ উদ্যোগত আজি লক্ষীপুৰ বাথৌ মন্দিৰত অনুষ্ঠিত কৰা লখিমী আদৰা পৰ্বৰ পুৱা ৯ বজাত ধৰ্ম ধ্বজ্জা উত্তোলন কৰে বাথৌ মহাসভাৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ সভাপতি গোবিন্দ মহিলাৰীয়ে ।

কাৰ্যসূচী অনুসৰি ইয়াৰ পাছতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে চিত্তৰঞ্জন গয়াৰীয়ে । পুৱা ৯-৩০ বজাত লখিমী আদৰা কাৰ্যসূচীৰ পিছতেই বাথৌ প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয় । পুৱা ১১ বজাৰ পৰা গোবিন্দ মহিলাৰীৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ (Lakhimpur District Bathou Mahasabha) সাংগঠনিক সম্পাদক ৰঞ্জিত বসুমতাৰীয়ে কয় যে এখন ঘৰ বা এটা পৰিয়াল সুস্থ ভাৱে পৰিচালনা কৰাত ধৰ্মীয় ৰীতি-নীতি সমূহৰ গুৰুত্ব যথেষ্ট আছে । তেওঁ এইক্ষেত্ৰত স্বকীয় পৰম্পৰা,আচাৰ-ব্যৱহাৰৰ শুদ্ধতা অনিবাৰ্য বুলিও বক্তব্য আগবঢ়ায় ।

জোনাইত উলহ মালহেৰে লখিমী আদৰা উৎসৱ পালন

ইপিনে,বৰদণ্ডী বড়ো গাঁওপৰিচালনা সমিতিৰ উদ্যোগত গাঁৱৰ বাথৌ মন্দিৰত উদযাপন কৰা মাইনাও খেৰাই ফৌৰবু তথা লখিমী আদৰা পৰ্বৰ পুৱা ৮ বজাত ধৰ্ম ধ্বজা উত্তোলন কৰে বৰদণ্ডী গাঁও পৰিচালনা সমিতিৰ উপ-সভাপতি ভদ্ৰেশ্বৰ বালাৰীয়ে । ইয়াৰ পিছতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে বৰদণ্ডী গাঁওপৰিচালনা সমিতিৰ উপদেষ্টা কিৰণ ৰাভাই । পুৱা ১০ বজাত দোণত নদীৰ পৰা লখিমী আদৰাৰ পাছত দুপৰীয়া ১২ বজাৰ পৰা বৰদণ্ডী গাঁও পৰিচালনা সমিতিৰ সভাপতি ৰবিৰাম বড়োৰ পৌৰোহিত্যত অনুষ্ঠিত আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ উপ-সভাপতি বিলাম্বৰ খেৰকটাৰীয়ে কয় যে পহিলা কাতিত পালন কৰি অহা লখিমী আদৰাৰ পৰম্পৰা আৰু সমাজ জীৱনত ইয়াৰ প্ৰাসংগিকতা সদায় আছে । উক্ত অনুষ্ঠানত পুৰোহিত হলিৰাম বড়ো,সোমেশ্বৰ বড়োৰ নেতৃত্বত বাথৌ আৰ'জ পৰিৱেশন কৰা হয় ।

২ নং উলুৱনী গাঁৱৰ বাথৌ মন্দিৰত উদযাপন কৰা লখিমী আদৰা পৰ্বৰ পুৱা ৮ বজাত স্বচ্ছতা অভিযান চলোৱা হয় । পুৱা ৮-৩০ বজাত ধৰ্ম ধ্বজ্জা উত্তোলন কৰে ২ নং উলুৱনী গাঁও পৰিচালনা সমিতিৰ সভাপতি অনিল গয়াৰীয়ে আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ২ নং উলুৱনী গাঁও পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আখাৰু বড়োয়ে । পুৱা ১০ বজাত পুৰোহিত সুভাষ বসুমতাৰীৰ পৰিচালনাত বাথৌ প্ৰাৰ্থনা পৰিৱেশনৰ পিছত বিয়লি ৪-৩০ বজাত ৰাইজৰ মাজত লখিমী বিতৰণী অনুষ্ঠান সম্পন্ন কৰা হয় । উক্ত অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য ৰাতিৰাম বসুমতাৰী, এবছুৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি বেঞ্জা বসুমতাৰী উপস্থিত থাকি কাতি বিহুৰ পৰম্পৰা আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে বক্তব্য আগবঢ়ায় ।

আনহাতে,বাথৌ মহাসভাৰ অবিভক্ত লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু ধেমাজি আঞ্চলিক সমিতিৰ সহযোগত ১ নং টেকজুৰী বাথৌ মন্দিৰত অনুষ্ঠিত কৰা মাইনাও খেৰাই ফৌৰবু তথা লখিমী আদৰা পৰ্বৰ পুৱা ৮ বজাত ধৰ্ম ধ্বজ্জা উত্তোলন কৰে অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ সভাপতি শুক্ৰধৰ বসুমতাৰীয়ে । ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ মহিলা সমিতিৰ সম্পাদিকা হাংমাশ্ৰী দৈমাৰীয়ে ।

ইপিনে,মৌন চিং চিং বৌঢ়ায় বাথৌ শাখাৰ উদ্যোগত জোনাই ৰায়াঙপুৰ বাথৌ মন্দিৰত অনুষ্ঠিত কৰা লখিমী আদৰা অনুষ্ঠানৰ পুৱা ৯ বজাত ধৰ্ম ধ্বজ্জা উত্তোলন কৰে বাথৌ মহাসভাৰ সভাপতি সুজিত নাৰ্জাৰীয়ে আৰু শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে সংগঠনটোৰ সম্পাদক বিজয় বড়োয়ে । পুৱা ১০ বজাৰ পৰা সুজিত নাৰ্জাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত ধৰ্মালোচনা সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি ইউএনবি বড়ো হাইস্কুলৰ প্ৰধান শিক্ষক ভূমিধৰ বড়োয়ে বাথৌ ধৰ্মৰ দৰ্শন আৰু তাত্বিক দিশৰ ওপৰত মননশীল বক্তব্য দাঙি ধৰে ।

উক্ত অনুষ্ঠানত হাতীজান বড়ো প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক চন্দ্ৰকান্ত বসুমতাৰীয়ে কয় যে বড়ো সকল পৌৰাণিক দিনৰ পৰাই কৃষিকৰ্ম কৰি জীৱন নিৰ্বাহ কৰি আহিছে । কৃষিভিত্তিক উৎসৱ হিচাপে বাথৌ ধৰ্মাৱলম্বী বড়ো সকলে যুগ যুগান্তৰ পৰাই পহিলা কাতিৰ দিনটোত উলহমালহেৰে মাইনাও খেৰাই ফৌৰবু তথা লখিমী আদৰা পৰম্পৰা উদযাপন কৰি লখিমী আদৰি ৰাইজৰ মাজত বিতৰণ কৰা হয় বুলি কয় । অনুষ্ঠানত এবছুৰ জোনাই আঞ্চলিক সমিতিৰ সভাপতি মোজাংগোসাই নাৰ্জাৰী প্ৰমুখ্যে বহু সংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকে ।

আনহাতে,৩ নং মোহনপুৰ,১ নং লাডাংগুৰী, বুঢ়ীমূৰী, মেচাকি চাপৰি,চেঙাজান বৰগাঁও, টাদুনীয়া বড়ো,জয়পুৰ হচং,ডেকাপামৰ বিভিন্ন গাঁৱত বাথৌ ধৰ্মাৱলম্বী বড়ো ৰাইজে কাতি বিহু পালন কৰে ।

লগতে পঢ়ক:Erosion in Bihpuria : সোৱণশিৰিৰ বুকুত জাহ গ'ল ১৪ কোটি টকীয়া আঁচআঁন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.