ETV Bharat / state

kangkin koubang at Jonai : জোনাইত কাংকিন কৌবাঙৰ সফল‌ সামৰণি - TMPK organised kangkin koubang at Jonai

জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জোনাই জিলা টি এম পি কেৰ (TMPK) উদ্যোগত অনুষ্ঠিত কাংকিন কৌবাঙৰ সফল‌ সামৰণি (kangkin koubang at Jonai) ।

Jonai
Jonai
author img

By

Published : Oct 30, 2022, 10:40 PM IST

জোনাই ৩০ অক্টোবৰ : দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জোনাই জিলা টি এম পি কেৰ (TMPK) উদ্যোগত অনুষ্ঠিত কাংকিন কেবাঙৰ শনিবাৰে সফল সামৰণি পৰে (kangkin koubang ended at Jonai)। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কাংকিন কৌবাঙত শিক্ষাৰ সজাগতা আৰু ন-পুৰণি মিচিং ছাত্র-ছাত্রীসকলৰ মাজত চিনাকি হোৱাৰ উদ্দেশ্যে আয়োজিত হৈছিল ।

টি এম পি কে জোনাই জিলা সমিতিৰ (Dhemaji district TMPK) উদ্যোগত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান (TMPK organised kangkin koubang at Jonai) । ধেমাজি জিলাৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টি এম পি কে জোনাই জিলা সমিতিৰ উদ্যোগত তথা কেইবাখনো মহাবিদ্যালয়ৰ গোটৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা কাংকিন কেবাং অৰ্থাৎ চিনাকি সভাৰ সাংস্কৃতিক অনুষ্ঠানত গোমৰাগ নৃত্যৰে মুখৰিত হৈ পৰে জোনাই (Jonai Higher Secondary School) ৷

দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কাংকিন কেবাঙত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সদস্য ৰাজু মেদক, নৰেশ কুম্বাং, টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা গীতাঞ্জলি বৰি পাতিৰ, টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক তিলক দলে, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপক কুমাৰ দলে, ধেমাজি জিলাৰ উপ আৰক্ষী অধীক্ষক আৱটানি দলে, অৰুণাচলৰ ছাত্ৰ নেতাৰ লগতে বহু গণ্য-মান্য ব্যক্তি তথা দল-সংগঠনৰ নেতা উপস্থিত থাকি ছাত্র-ছাত্ৰীকসকলক উদ্দেশ্যি গঠনমূলক বক্তব্য আগবঢ়ায় ৷

জোনাইত কাংকিন কৌবাঙৰ সফল‌ সামৰণি

উল্লেখযোগ্য যে জোনাই মহকুমাৰ বিভিন্ন অঞ্চল তথা অসমৰ আন আন জিলাৰ পৰা জোনাইৰ মহাবিদ্যালয়সমূহলৈ উচ্চ শিক্ষা গ্ৰহণৰ বাবে অহা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিনাকি আৰু ভাতৃত্ববোধ গঢ় দিয়াৰ উদ্দেশ্যে প্ৰতি বছৰে টাকাম মিচিং পৰিণ কৌবাঙ টি এম পি কেয়ে কাংকিন কৌবাঙ আয়োজন কৰি আহিছে । জোনাই মহকুমাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা সভাত বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা, শিক্ষামূলক প্ৰতিযোগিতা আদি অনুষ্ঠিত হয় । নিশা স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰে আকাশ-বতাহ মুখৰিত হৈ অনুষ্ঠানৰ সফল সামৰণি পৰে ।

লগতে পঢ়ক :Munin Barkotoki Literary Award : উপাসনা শ‍ইকীয়ালৈ ২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.