ধেমাজী,29 মাৰ্চ: সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিৰ চিলাপথাৰৰ মাদুৰিপথাৰত দেওবাৰে মাদুৰিপথাৰ মহিলা সমাজৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে তৃতীয় বাৰ্ষিক সতী জয়মতী স্মৃতি দিৱস ।

দেওবাৰে জয়া দিৱসৰ লগত সংগতি ৰাখি নিৰ্মাণ কৰি উলিওৱা সতী জয়মতীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় । অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভানেত্ৰী চুনুমণি বৰুৱাই । শ্বহীদ তৰ্পণ কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক দেৱেন ডেকাই । লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে চিলাপথাৰ আঞ্চলিক আহোম সভাৰ সভাপতি আনন্দৰাম দাধৰাই ।

ইয়াৰ পিছতে মাংগলিক বাদ্যধ্বনি, উৰুলিৰে সতী জয়মতীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে ধেমাজি উচ্চতৰ বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী উষা বৰগোঁহাইয়ে । দিনৰ মুকলি সভাত জিলাখনৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে সতী জয়মতীৰ পৰিয়ালৰ লোকেও অংশগ্ৰহণ কৰে । নিশালৈ অন্যান্য সাংস্কৃতিক অনুষ্ঠানৰ লগতে স্থানীয় শিল্পীসকলে সতী জয়মতী নাট মঞ্চস্থ কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে ।

লগতে পঢ়কঃ মঙলদৈত হাগ্ৰামা মহিলাৰী, ৰিপুন বৰাৰ নিৰ্বাচনী প্ৰচাৰ