ETV Bharat / state

জোনাই বালিকা মহাবিদ্যালয়ৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস - 28th Foundation Day of Jonai Girls College

আজি জোনাই বালিকা মহাবিদ্যালয়ৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস (28th Foundation Day of Jonai Girls College)। ১৯৯৪ চনতে স্থাপন কৰা হৈছিল জোনাই মহকুমাৰ একমাত্ৰ ছোৱালী বালিকা মহাবিদ্যালয়খন ৷ এই শিক্ষাৰ প্ৰতিষ্ঠানটো আজি ২৮ বৰ্ষ সম্পূৰ্ণ হোৱাত উলহ-মালহেৰে পালন কৰা হয় প্ৰতিষ্ঠা দিৱস ৷

Jonai Girls College Foundation Day Celebrated in Jonai
জোনাই বালিকা মহাবিদ্যালয়ৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস
author img

By

Published : Sep 24, 2022, 2:02 PM IST

জোনাই, ২৪ ছেপ্টেম্বৰ: আজি জোনাই বালিকা মহাবিদ্যালয়ৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস (28th Foundation Day of Jonai Girls College)। ১৯৯৪ চনতে স্থাপন কৰা হৈছিল জোনাই মহকুমাৰ একমাত্ৰ ছোৱালী বালিকা মহাবিদ্যালয়খন ৷ এই শিক্ষাৰ প্ৰতিষ্ঠানটোৰ শনিবাৰে ২৮ বৰ্ষ সম্পূৰ্ণ হোৱাত উলহ-মালহেৰে পালন কৰা হয় প্ৰতিষ্ঠা দিৱসটো ৷ কেইবাটাও কাৰ্যসূচীৰে পালন কৰা হয় এই প্ৰতিষ্ঠা দিৱসটি ৷

প্ৰথম কাৰ্যসূচীত প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় ৰুহিনী পেগুৰ প্ৰতিচ্ছবিত ছাত্ৰীসকলৰ লগতে মহাবিদ্যালয়ৰ প্ৰৱক্তা তথা বিভিন্নজনে মাল্য অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (Jonai Girls College Foundation Day Celebrated) । দ্বিতীয় কাৰ্যসূচীত ছাত্ৰী তথা প্ৰৱক্তাসকলৰ সহযোগত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া পোছাকেৰে মহাবিদ্যালয় প্ৰাঙ্গনৰ পৰা জোনাই সদৰত সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায় ।

জোনাই বালিকা মহাবিদ্যালয়ৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

এই অনুষ্ঠানত ইহসংসাৰৰ পৰা বিদায় লোৱা মহাবিদ্যালয়খনিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় ৰোহিনী পেগুক আন্তৰিক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি অধ্যক্ষ খগেশ্বৰ পেগুৱে কয় "এই শুভক্ষণত সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ৷ লগতে জোনাইবাসী ৰাইজৰ সহায় সহযোগিতা অবিহনে উচ্চ শিক্ষাৰ এই মহান অনুষ্ঠানখনিক সুচাৰুৰূপে আগবঢ়াই নিয়াতো অসম্ভৱ বুলি দোহাৰি সকলোকে হাতে-হাত ধৰি আটাইৰে মৰম আৰু গৌৰৱৰ এই মহাবিদ্যালয়খনিক সৰ্বতো প্ৰকাৰে আগবঢ়াই নিবলৈ আহ্বান জনাইছে ৷

আজিৰ এই শুভ প্ৰতিষ্ঠা দিৱসটোত জোনাইৰ জ্যেষ্ঠ নাগৰিক, বুদ্ধিজীৱী তথা অভিভাৱক সকলো উপস্থিত থাকে ৷

লগতে পঢ়ক: যোৰহাটত সদৌ অসম কবি সন্মিলনৰ লাই খুঁটা স্থাপন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.