ETV Bharat / state

A tragic life story: দুৰ্ঘটনাত আহত যুৱকে বিচনাতে কটাইছে দুৰ্বিসহ জীৱন

author img

By

Published : May 13, 2023, 4:17 PM IST

বাইক দুৰ্ঘটনাত পতিত হৈ ডেৰ বছৰে বিচনাত কটাইছে জোনাইৰ এজন যুৱকে (Youth seek help from CM in Jonai)। ধনৰ অভাৱত বিনা চিকিৎসাই ঘৰতে ৰখা পুত্ৰৰ সহায়ৰ বাবে মাতৃৰ আহ্বান ।

Youth seek help from CM in Jonai
ৰাইজৰ পৰা বিচাৰিছে সহায়ৰ হাত
ৰাইজৰ পৰা বিচাৰিছে সহায়ৰ হাত

জোনাই ,১৩ মে': বাইক দুৰ্ঘটনাত পতিত হৈ দুয়োখন ভৰি সম্পূৰ্ণৰূপে অকামিলা হোৱা জীৱন-মৰণৰ সৈতে যুঁজি থকা এজন যুৱকৰ কৰুণ কাহিনী (Helpless mother appeal for help)। যোৱা ডেৰ বছৰে বিছনাত শুই দুৰ্বিসহ জীৱন কটাইছে জোনাইৰ সীমান্তৱৰ্তী কেমি গাঁৱৰ প্ৰবীন পেগু নামৰ এজন যুৱকে ৷ অৰ্থৰ অভাৱত দুখীয়া পৰিয়ালটোৱে প্ৰবীন পেগুৰ উপযুক্ত চিকিৎসা কৰিব পৰা নাই । সেয়েহে ৰাইজৰ পৰা বিচাৰিছে সহায়ৰ হাত ।

পৰিয়ালৰ লোকে উল্লেখ কৰা মতে,ডেৰ বছৰ পূৰ্বে প্ৰবীন পেগুৱে পতিত হৈছিল এক বাইক দুৰ্ঘটনাত ৷ সেই দুৰ্ঘটনাত বাইকৰ পৰা পৰি কঁকাল আৰু দুই ভৰিত পাইছিল গুৰুত্বৰভাৱে আঘাত ৷ তাৰ পিচৰে পৰা পিতৃহাৰা প্ৰবীন পেগুক মাতৃয়ে ঘৰৰ মাটি-বাৰী,গৰু,ছাগলী,গাহৰি আদি বিক্ৰী কৰি ডিব্ৰুগড়, গুৱাহাটী,পাচিঘাট আদি বিভিন্ন ঠাইত চিকিৎসা কৰে যদিও আজি ডেৰ বছৰে পোৱা নাই কোনো ধৰণৰ সুফল ৷

চিকিৎসকে প্ৰবীন পেগুক উন্নত চিকিৎসাৰ বাবে ৰাজ্য়ৰ বাহিৰলৈ নিবলৈ পৰামৰ্শ আগবঢ়াইছে যদিও ধনৰ অভাৱত মাতৃয়ে পুত্ৰক ঘৰতে বিনা চিকিৎসাই এনেদৰে ৰাখিবলগীয়া হৈছে । উপায়ন্তৰ হৈ গাঁৱলীয়া ঔষধৰ লগতে বেজ-কবিৰাজৰ জৰিয়তে চিকিৎসা কৰিছে (Youth deprived from treatment in Dhemaji) ৷ প্ৰবীন পেগুৰ কঁকালৰ পৰা দুয়োখন ভৰি সম্পূৰ্ণৰূপে বিকল হোৱাৰ লগতে কঁকালৰ তলৰ অংশত জটিল ঘাঁ আৰম্ভ হৈছে । সেয়েহে ওৰে নিশা প্ৰবীনে বিষত চিঞৰি থাকে ৷ প্ৰবীনৰ আৰ্তনাদ শুনি অসহায় মাতৃয়ে চকুলো টুকি ওৰেই নিশা উজাগৰে কটাই পুত্ৰৰ কাষতে বহি থাকে ৷

ধনৰ অভাৱত বিনা চিকিৎসাই ঘৰতে ৰখা পুত্ৰৰ এনে আৰ্তনাদ সহ্য কৰিব নোৱাৰি অসহায় মাতৃৰ লগতে আত্মীয়ই মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, স্থানীয় বিধায়ক ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাৰ লগতে হৃদয়বান ৰাইজৰ পৰা সহায়ৰ প্ৰাৰ্থনা জনাইছে ৷ কোনো সদাশয় লোকে যুৱকজনক সহায় কৰিব বিচাৰিলে SBI, Ruksin Branch A/C নং-34691550045 IFSC-SBIN0009409 নম্বৰত সাহাৰ্য আগবঢ়াব পাৰিব । অথবা 8133040940 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

লগতে পঢ়ক:Assam CM in Tinsukia: তিনিচুকীয়াৰ বাৰেকুৰিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.