ETV Bharat / state

Science Exhibition at Silapathar : চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আয়োজন বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান - চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত গ্ৰাম্য বিজ্ঞান যাত্ৰা-২০২২ (Gramya Gyan Science Yatra 2022)ৰ অধীনত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত দহখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

Gramya Gyan Science Yatra held at Silapathar in Dhemaji
চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আয়োজন বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান
author img

By

Published : Nov 13, 2022, 10:44 PM IST

জোনাই, ১৩ নৱেম্বৰ : শনিবাৰে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত গ্ৰাম্য জ্ঞান বিজ্ঞান যাত্ৰা-২০২২ (Gramya Gyan Science Yatra 2022)ৰ অধীনত এক বিজ্ঞান শিক্ষাৰ এক প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত কৰা হয় । যোৰহাট বিজ্ঞান কেন্দ্ৰ, তাৰকাগৃহ আৰু অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত আয়োজিত হয় এই অনুষ্ঠানৰ ৷

লগতে প্ৰদৰ্শনী অনুষ্ঠানত সহযোগ কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, চিচিবৰগাঁও ব্লক আৰু চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষে (Gramya Gyan Science Yatra held at Silapathar in Dhemaji)৷ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ ৰঞ্জিত শইকীয়াই ।

উক্ত অনুষ্ঠানটোৰ আঁত ধৰে আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক পাৰ্থনাথ দত্তই । লগতে এই অনুষ্ঠানটোত উপস্থিত থাকে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ তত্বাৱধায়ক বিজ্ঞানী ড৹ প্ৰণৱজ্যোতি চেতিয়া, শৈক্ষিক সহায়ক পলাশী বৰা আৰু ভ্ৰাম্যমাণ বিজ্ঞান পৰীক্ষাগাৰৰ সমল অধ্যাপক আৰহান ইনামূল ৷

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আয়োজন বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান

লগতে পঢ়ক : Attempt to Murder case : মাত্ৰ 50 টকাৰ বাবেই বন্ধুৱে ৰেপিলে বন্ধুৰ ডিঙি

উক্ত ব্যক্তিকেইগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানৰ বিভিন্ন কৌশল আৰু ইয়াৰ তত্ব সন্দৰ্ভত পৰীক্ষাসহ বক্তব্য দাঙি ধৰে । এই প্ৰদৰ্শনী অনুষ্ঠানত মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নলিনীধৰ দলে, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ চিচিবৰগাঁও খণ্ড সমন্বয়ক ড৹ দেৱজিৎ পাতিৰকে ধৰি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

শনিবাৰে আয়োজিত এই প্ৰদৰ্শনী কাৰ্যসূচীত চিলাপথাৰ ৰেছিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডনবস্কো হাইস্কুল, লৰ্ড মেকলে হাইস্কুল, চিলা জনজাতি হাইস্কুল, চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়, খনামুখ হাইস্কুল, সীতাৰাম টায়ে টাউন হাইস্কুল, চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়, এছ এফ এছ চিলাপথাৰকে ধৰি দহখন বিদ্যালয়ৰ পৰা ২০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

আনকি নিশাৰ ভাগলৈ দূৰবীণৰ সহায়ত ‘‘আকাশ চোৱাৰ হেঁপাহ’’ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক চন্দ্ৰ, বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহও দেখুওৱা হয় ।

লগতে পঢ়ক : Majuli red bao rice exports : বিশ্বৰ বজাৰলৈ ৰপ্তানি মাজুলীৰ ৰঙা বাও চাউল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.