ETV Bharat / state

৮ বছৰে নিৰ্মাণ হোৱা নাই জোনাইৰ ITI প্ৰতিষ্ঠান

author img

By

Published : Sep 6, 2022, 1:18 PM IST

কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল জোনাইৰ ৰুক্মিণী গাঁৱৰ কাৰিকৰী প্ৰতিষ্ঠানৰ (Uncomplete ITI institute in Jonai)। আজিলৈ পৰিত্যক্ত অৱস্থাত থাকি গ'ল প্ৰতিষ্ঠানৰ অৰ্ধনিৰ্মিত ঘৰবোৰ । অতি শীঘ্ৰে প্ৰতিষ্ঠানখনৰ পুনৰ মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ ৰাইজৰ দাবী ।

ITI
৮ বছৰে নিৰ্মাণ হোৱা নাই জোনাইৰ ITI প্ৰতিষ্ঠান

জোনাই,৬ ছেপ্টেম্বৰ : জোনাইত প্ৰায় ৪ কোটি চৰকাৰী ধনৰ অপচয় (Wastage of government money in Jonai)। অঞ্চলটোৰ যুৱক-যুৱতীৰ শৈক্ষিক উন্নয়নৰ উদ্দেশ্যে নিৰ্মাণ আৰম্ভ কৰা কাৰিকৰী প্ৰতিষ্ঠানৰ কাম আজিও সম্পূৰ্ণ নহ'ল । চৰকাৰৰ অৱহেলাৰ বাবে অথলে গ'ল লাখ লাখ টকা । ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

উল্লেখ্য যে ২০১৪ চনৰ ১৩ মাৰ্চত সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ দিনতে জোনাইৰ ৰুক্মিণী গাঁৱত কাৰিকৰী প্ৰতিষ্ঠানখনৰ নিৰ্মাণকাৰ্যৰ শুভ উদ্বোধন কৰা হৈছিল । এইখনে জোনাই মহকুমাৰ ভিতৰতে প্ৰথম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান হ'ব বুলি ৰাইজে আশা কৰিছিল । কিন্তু কাম আৰম্ভ হোৱাৰ ৮ বছৰ অতিক্ৰম কৰিলে । আজিলৈ নিৰ্মাণ সম্পূৰ্ণ নহ'ল কাৰিকৰী প্ৰতিষ্ঠানখন (Govt negligence in construction of ITI institute in Jonai)।

অসম চৰকাৰৰ শিক্ষা বিভাগে প্ৰায় ৪ কোটি টকাৰ পুঁজি ধাৰ্য্য কৰি প্ৰতিষ্ঠানখনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । কিন্তু সম্প্ৰতি ভূত বাংলালৈ পৰিণত হৈছে সেই সময়ত নিৰ্মাণ কৰা ঘৰবোৰ । প্ৰতিষ্ঠানখনৰ নিৰ্মীয়মান ঘৰবোৰ হাবি-জংঘলে আৱৰি ধৰিছে । একাংশ নিৰ্মাণকাৰ্য আকৌ জহি-খহিও গৈছে ।

জানিব পৰা মতে জোনাইৰ বিভিন্ন দল-সংগঠন, সচেতন মহল তথা বুদ্ধিজীৱীসকলে অতি শীঘ্ৰে অৰ্ধনিৰ্মিত অৱস্থাত থকা কোটি টকীয়া প্ৰতিষ্ঠানখনৰ কাম সম্পূৰ্ণ কৰি শিক্ষা আৰম্ভ কৰাৰ ক্ষেত্ৰত দাবী জনাই আহিছে যদিও চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰো অভিযোগ উঠিছে ।

ইফালে প্ৰশিক্ষণ প্ৰতিষ্ঠানখনৰ নিৰ্মাণৰ কাম বন্ধ হোৱাত ভূমিৰ দাতাসকল ক্ষোভিত হৈ পৰিছে । নিৰ্মাণৰ কাম বন্ধ হোৱাৰ বাবে ভূমিৰ দাতাসকলে ভূমিৰ অগ্ৰাধিকাৰ উভতাই দিবলৈ দাবী জনাইছে । কিন্তু এই ক্ষেত্ৰত ভূমিদাতাসকলক চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ।

কিন্তু কিয় আজিলৈ এই কাৰিকৰী প্ৰতিষ্ঠানখনৰ নিৰ্মাণৰ কাম চৰকাৰে সম্পূৰ্ণ নকৰিলে । সেয়া এতিয়া সকলোৰে বাবে ডাঙৰ প্ৰশ্ন । চৰকাৰৰ এনে অৱহেলাৰ বিৰুদ্ধে বিভিন্ন সংগঠনে প্ৰতিবাদ কৰাও দেখা গৈছে । এই ক্ষেত্ৰত বৰ্তমানৰ স্থানীয় বিধায়কৰ ভূমিকাক লৈও প্ৰশ্ন তুলিছে স্থানীয় দল-সংগঠন আৰু স্থানীয় লোকে ।

লগতে পঢ়ক:চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ সাম্প্ৰতিক পৰিস্থিৰ বুজ ল’লে কেইবাটাও বিৰোধী দলৰ নেতৃত্বই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.