ETV Bharat / state

MLA Bhuban Pegu initiative : জোনাইত একেলগে ৯ টা পকী কালভাৰ্টৰ আধাৰশিলা স্থাপন

author img

By

Published : Oct 26, 2022, 1:11 PM IST

বান বিধ্বস্ত জোনাইত ৯ টা পকী কালভাৰ্টৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক ভূৱন পেগুৱে (Bhuban Pegu lays foundation stone of culverts)। যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা অঞ্চলটোত বিধায়কগৰাকী উপস্থিত হৈ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে । বিধায়কৰ পদক্ষেপত আনন্দিত অঞ্চলটোৰ ৰাইজ ।

Jonai
জোনাইত একেলগে ৯ টা পকী কালভাৰ্টৰ আধাৰশিলা স্থাপন

জোনাই, ২৬ অক্টোবৰ : প্ৰতিবছৰে বান আৰু গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি আহিছে ধেমাজিৰ জোনাইত (Flood effects Jonai)। চলিত বছৰটোতে তিনিটাকৈ বানে জুৰুলা কৰিছে জোনাইবাসীক । জোনাইৰ হাজাৰ হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছে । বহু লোকে ঘৰ-বাৰী হেৰুৱাইছে লগতে বানৰ ফলত বাট-পথ বিধ্বস্ত হৈ পৰিছে ।

ইফালে অঞ্চলটোৰ ৰাইজে বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰ তথা প্ৰশাসনক আবেদন জনাই আহিছে যদিও চৰকাৰে কোনো উচিত ব্যৱস্থা লোৱা দেখা নাই । যাৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে অঞ্চলটোৰ ৰাইজে প্ৰতিবাদো সাব্যস্ত কৰিবলগীয়া হৈছে । স্থানীয় বিধায়ক ভূৱন পেগুৰ বিৰুদ্ধেও অসন্তুষ্ট হোৱা দেখা গৈছে সমষ্টিবাসীক ।

অৱশ্যে সমষ্টিবাসীৰ অসন্তুষ্টিৰ বিষয়টো উপলব্ধি কৰি ৰাইজৰ কাষ চাপিছে বিধায়কগৰাকী । একেদিনাই ৯ টাকৈ পকী কালভাৰ্ট আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে (9 pucca culverts laid in flood effected Jonai)।

উল্লেখ্য যে জোনাইৰ ৰামধন দিখাৰী আৰু তেলেম গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ জামুগুৰি আৰু লুহিত কেমেৰে অঞ্চলবাসীক প্ৰতি বছৰে বানে প্লাৱিত কৰি অহাৰ ফলত বছৰ বছৰ ধৰি অঞ্চলটোত পকী পথ আৰু পকী দলঙৰ অভাৱত একপ্ৰকাৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ আছে (Communication disrupted due to floods in Jonai)। পকী কালভাৰ্টৰ অভাৱৰ কথাও অঞ্চলটোৰ ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে । সংবাদ মাধ্যমৰ বাতৰিৰ প্ৰভাৱত অৱশেষত মঙলবাৰে বৃহত্তৰ জামুগুৰি আৰু লুহিত কেমেৰে অঞ্চলত প্ৰায় দুই কোটি ব্যয় সাপেক্ষে মুঠ ৪ টা পকী কালৰ্ভাট আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ভূৱন পেগুৱে ।

ইয়াৰ উপৰিও গালী চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰং শান্তিপুৰত ২ টা আৰু লাইমেকুৰীত ১ টা তথা জোনাই সদৰত ২টা পকী কালভাৰ্ট আঁচনিৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়কগৰাকীয়ে (Bhuban Pegu lays foundation stone of culverts)। আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।ইফালে অঞ্চলটোত প্ৰতি বছৰে দিখাৰী আৰু লালী নদীয়ে তাণ্ডৱৰ সৃষ্টি কৰি আহিছে । সেয়ে এই বানৰ পৰা পৰিত্ৰাণ বিচাৰি ইয়াৰ স্থায়ী সমাধানৰ বাবেও দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক :Miya Museum Controversy: মিঞা পৰিষদৰ আটকাধীন দুই সদস্যৰ আছে অল কায়দাৰে সম্পৰ্ক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.