ETV Bharat / state

Dhemaji Flood Update: বানৰ সংহাৰী ৰূপ; ধেমাজি জিলাত বানত আক্ৰান্ত হৈছে 33 খন ৰাজহ গাওঁ

author img

By

Published : Jul 8, 2023, 5:22 PM IST

বানৰ কবলত ধেমাজি জিলাৰ বিভিন্ন অঞ্চল ৷ ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ জীয়াঢল চাৰিআলি সমীপৰ ভজো গাঁৱত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বিপদজনকভাৱে পানী বাগৰে ৷

Flood situation in Dhemaji becomes critical
বানৰ কবলত ধেমাজি জিলাৰ বিভিন্ন অঞ্চল

ধেমাজিত বানৰ সংহাৰী ৰূপ

ধেমাজি, 8 জুলাই: ৰাজ্যত বান পৰিস্থিতি বিগত সপ্তাহত কিছু শাম কাটিছিল যদিও শনিবাৰৰ পৰা কেইবাখনো জিলাত বান পৰিস্থিতিয়ে পুনৰ লৈছে ভয়াবহ ৰূপ ৷ মুষলধাৰ বৰষুণৰ ফলত শেহতীয়াকৈ হোৱা বানত বুৰ গৈছে কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল ৷ ৰাজ্যৰ আন আন ঠাইৰ লগতে বৰ্তমান ধেমাজিতো বানে লৈছে ভয়াৱহ ৰূপ ৷

মুষলধাৰ বৰষুণৰ ফলত ধেমাজি জিলাতো বিভিন্ন ঠাই বানৰ কবলত পৰিছে ৷ বিশেষকৈ শুকুৰবাৰে ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ জীয়াঢল চাৰিআলি সমীপৰ ভজো গাঁৱত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বিপদজনকভাৱে পানী বাগৰে ৷ শনিবাৰৰ দিনটোত কিছু পৰিমাণে পানী হ্ৰাস পালেও ঘাইপথৰ ওপৰেৰে জীয়াঢলৰ কাংকু সুঁতিৰ পানী বিপদজনকভাৱে বাগৰিয়ে আছে ৷

একেদৰে ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ 2 নং বৰুৱা লালুংত আজি পানীৰ পৰিমাণ কমা পৰিলক্ষিত হৈছে ৷ পাহাৰত বৰষুণ দিলেই ৰাই নদীয়ে মুহূৰ্ততে সংহাৰী ৰূপ লয় বৰুৱা লালুংত ৷ ধেমাজি জিলা প্ৰশাসনৰ তথ্য অনুসৰি জিলাখনত ধেমাজি, গোগামুখ, জোনাই, চিচিবৰগাঁও ৰাজহ চক্ৰত 11,659 গৰাকী লোক আৰু 708.07 হেক্টৰ কৃষি ভূমি বানত আক্ৰান্ত হৈছে ৷ ধেমাজি ৰাজহ চক্ৰত পাঁচ খন গাওঁ ক্ৰমে হেচুলি পাম, নৰাবিল, চিঙেলী পথাৰ, দিহিৰি চাপৰি, বৰুৱা লালুং ; একেদৰে গোগামুখ ৰাজহ চক্ৰত 17 খন গাওঁ; জোনাইত 8খন গাওঁ আৰু চিচিবৰগাঁও ৰাজহ চক্ৰত 3খন গাওঁ বানত আক্ৰান্ত হৈছে ৷

জিলাখনত মাত্ৰ তিনিটা বান সাহাৰ্য কেন্দ্ৰ স্থাপন কৰা হৈছে যদিও এতিয়ালৈকে শিবিৰ স্থাপন কৰা হোৱা নাই ৷ তিনিটা ৰাজহ চক্ৰত পোহনীয়া ডাঙৰ জীৱ-জন্তু 5,986 টা, সৰু জীৱ-জন্তু 3,228 টা আৰু কুকুৰা 4,820 টা আক্ৰান্ত হৈছে ৷ শুকুৰবাৰৰ দিটোত বান সাহাৰ্য হিচাবে ধেমাজি ৰাজহ চক্ৰত 32.50 কুইন্টল চাউল, 5.66 কুইন্টল দালি, 1 70 কুইন্টল নিমখ আৰু 170 লিটাৰ মিঠাতেল আৰু 375 পেকেট চেনিটাৰী পেড বিতৰণ কৰা হৈছে ৷

লগতে পঢ়ক : Weather Warning: ধেমাজি, লখিমপুৰ, বিশ্বনাথ জিলাত আজি ‘অ’ৰেঞ্জ এলাৰ্ট’ জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.