ধেমাজি, 18 ছেপ্তেম্বৰ: বিশ্বকৰ্মা পূজাৰ দিনটোতে বানে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰাৰ পাছত শুকুৰবাৰে কিছু উন্নত হৈছে ধেমাজিৰ বান পৰিস্থিতি ৷ বানৰ প্ৰকোপ কিছু কম হোৱাত শুকুৰবাৰে গাওঁসমূহত হ্ৰাস পাইছে পানীৰ পৰিমান ৷ উল্লেখ্য যে, বিশ্বকৰ্মা পূজাৰ দিনটোতে অৰ্থাৎ বৃহস্পতিবাৰে দুটাকৈ অংশত জীয়াধল মথাউৰি চিঙাৰ পিছত কেউফালে পানী পানী হৈ পৰাত নিশালৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত বন্ধ কৰি দিছিল প্ৰশাসনে ৷ অৱশ্যে পানী হ্ৰাস পোৱাত পুৱাৰ পৰা পুনৰ যাতায়ত সূচল হৈ উঠিছে ৰাষ্ট্ৰীয় ঘাইপথেৰে ৷
ইপিনে বান কমিলেও জীয়াঢলৰ পাশ্বৱৰ্তী গাওঁসমুহত আঁতৰা নাই দুৰ্যোগ ৷ বছৰটোত জীয়াঢলে বাৰে বাৰে জুৰুলা কৰাৰ পিছত আগন্তুক দিনক লৈ চিন্তিত হৈ পৰিছে স্থানীয় লোক সকল ৷ আনফালে বানাক্ৰান্ত ৰাইজৰ দুৰৱস্থাৰ খবল লবলৈ এজনো জনপ্ৰতিনিধি নহাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্তই ৷
লগতে পঢ়কঃ ধুবুৰীত টিপকাই নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ