ETV Bharat / state

ধেমাজিত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে আবেদন কৰি বিমুখ বন্যাৰ্ত

ধেমাজি বিধান সভা সমষ্টিৰ অধীনৰ লক্ষীপথাৰ গাঁও পঞ্চায়তৰ দুই নং বৰুৱা লালুং আৰু দক্ষিণ সুবাহী গাঁৱৰ ৰাইজে সমগ্ৰ বাৰিষাৰ পৰা আহিন মাহলৈকে বানৰ কবলত পৰি সৰ্বস্বান্ত হেৰুৱাবলগীয়া হৈছে ৷ ফলত এটুপি বিশুদ্ধ খোৱা পানী আৰু অনাময়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷

flood-affected-people-complaint-against-phe
ধেমাজি এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে আবেদন কৰি বিমুখ বন্যাৰ্ত
author img

By

Published : Oct 9, 2020, 10:37 PM IST

ধেমাজি, 9 অক্টোবৰ : জনসাধাৰণৰ স্বাস্থ্যৰ হকে কাম কৰা ৰাজ্য চৰকাৰৰ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ কাণ্ডই স্তম্ভিত কৰিছে বানাক্ৰান্তক ৷ কাৰণ সৰ্বসাধাৰাণ জনগণক স্বাস্থ্য সন্মত পানী যোগান ধৰাটো দূৰৰ কথা বানাক্ৰান্তকো এটুপি বিশু খোৱা পানী যোগান ধৰিবলৈ ব্যৰ্থ হৈছে বিভাগটোৱে ৷ এই অভিযোগ ধেমাজিৰ বন্যাৰ্তৰ ৷ অভিযোগ অনুসৰি, ধেমাজি বিধান সভা সমষ্টিৰ অধীনৰ লক্ষীপথাৰ গাঁও পঞ্চায়তৰ দুই নং বৰুৱা লালুং আৰু দক্ষিণ সুবাহী গাঁৱৰ ৰাইজে সমগ্ৰ বাৰিষাৰ পৰা আহিন মাহলৈকে বানৰ কবলত পৰি সৰ্বস্বান্ত হেৰুৱাবলগীয়া হৈছে ৷ ফলত এটুপি বিশুদ্ধ খোৱা পানী আৰু অনাময়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷

ধেমাজিত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে আবেদন কৰি বিমুখ বন্যাৰ্ত

খাল খান্দিয়েই পানী সংগ্ৰহ কৰি তৃষ্ণা নিবাৰণ কৰি আহিছে তেওঁলোকে ৷ আজিকোপতি চৰকাৰী বিভাগে খোৱা পানীৰ বাবে টিউৱেল এটা যোগান ধৰিব নোৱাৰিলে ৷ সেয়ে স্থানীয় সচেতন ব্যক্তি সোমেশ্বৰ লালুং নামৰ লোকজনে অঞ্চলটোৰ প্ৰায় ডেৰশতাধিক লোকৰ স্বাক্ষৰ সম্বলিত এখন আবেদন ধেমাজি জনস্বাস্থ্য কাৰিকৰী সংমণ্ডল কাৰ্যালয়ৰ সংশ্লিষ্ট অভিযন্তাগৰাকীৰ হাতত অৰ্পণ কৰিবলৈ আহে যদিও মূৰকত অভিযন্তা গৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰি আবেদনখন অগ্ৰাহ্য কৰে ৷ উপায়ন্তৰ হৈ লোকজনে আবেদন হাতত লৈয়ে সুদূৰ ২০/২৫ কি:মি : চাইকেল চলাই গাঁৱলৈ উভতি যাবলগীয়া হয় ৷

লগতে পঢ়ক : কৰ’ণা মহামাৰীৰ পাচত পুনৰ আৰম্ভ ৰাধে : ইয়’ৰ ম’ষ্ট ৱাণ্টেড ভাইৰ শ্বুটিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.