ধেমাজি,17 জুলাই: বানে ধুই মুকলি কৰা পথাৰসমূহত এতিয়া সীমাহীন ব্যস্ততা ৷ এই ব্যস্ততা কৃষক সমাজৰ ৷ শাওণৰ পথাৰত সোণগুটিৰ বীজ সিঁচাত ব্যস্ত এইসকল ৰোৱনীয়ে পাহৰি পেলাইছে বানে কোঙা কৰা দিনবোৰৰ কথা ৷ বোকা-পানী গচকি একান্তমনে পথাৰত সিঁচি গৈছে সোণগুটিৰ বীজ ৷ সগৰ্ভা আকাশৰ পৰা নামি অহা বৰষুণৰ ঢলকো নেওচি ধেমাজিৰ গুটং কপাহতলী গাঁৱৰ পথাৰত দেখা গৈছে এই দৃশ্য ৷ শাওণ মাহৰ পহিলা দিনটোত গাঁৱখনৰ প্ৰায়বোৰ ৰোৱনী আৰু কৃষকক দেখা যায় এনেদৰে পথাৰত ব্যস্ত হৈ থকা ৷ সকলোৰে সপোন এটাই-সোণগুটিৰে ভৰিব ভঁৰাল ৷
শাওণৰ পথাৰত সোণগুটি সিঁচাত ব্যস্ত এজাক ৰোৱনী - শাওণৰ পথাৰ
বানে সকলো ধুৱাই নিয়াৰ পিছত শাওণৰ পথাৰত সোণগুটিৰ বীজ সিঁচাত ব্যস্ত হৈ পৰিছে ৰোৱনীসকল ৷ সগৰ্ভা আকাশৰ পৰা নামি অহা বৰষুণৰ ঢলকো নেওচি ধেমাজিৰ গুটং কপাহতলী গাঁৱৰ পথাৰত দেখা গৈছে এই দৃশ্য ৷