ETV Bharat / state

Fake hslc candidate detained: শাহুৱেকক মেট্ৰিক পাছ কৰাবলৈ গৈ আৰক্ষীৰ জালত বোৱাৰী - ধেমাজি জিলা শিক্ষা বিষয়া

ৰাজ্যত শাহু-বোৱাৰীৰ প্ৰেমৰ নিদৰ্শন সৃষ্টি কৰিলে এগৰাকী বোৱাৰীয়েকে ৷ শাহুৱেকক মেট্ৰিক পাছ কৰাবলৈ গৈ বোৱাৰীয়েক বহিছিল পৰীক্ষাত ৷ অৱশেষত আৰক্ষীৰ জালত ধৰা পৰিল শাহু-বোৱাৰী (Fake hslc candidate detained) ৷

Fake hslc candidate detained in Dhemaji
শাহুৱেকক মেট্ৰিক পাছ কৰাবলৈ গৈ আৰক্ষীৰ জালত বোৱাৰী
author img

By

Published : Mar 4, 2023, 11:06 PM IST

শাহুৱেকক মেট্ৰিক পাছ কৰাবলৈ গৈ আৰক্ষীৰ জালত বোৱাৰী

ধেমাজি, 4 মাৰ্চ: ৰাজ্যজুৰি নতুন শিক্ষানীতিৰ আধাৰত 3 মাৰ্চৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC exam 2023) ৷ মেট্ৰিক পৰীক্ষাৰ পিচত ইংৰাজী বিভাগৰ প্ৰশ্নকাকতৰ ফটো ফাদিল হোৱাৰ পিচতে এইবাৰ শিক্ষামন্ত্ৰীৰ সমষ্টিত আটক হ’ল এগৰাকী ভুৱা মেট্ৰিক পৰীক্ষাৰ্থী (Fake hslc candidate detained) ৷

জানিব পৰা মতে শাহুৱেকক মেট্ৰিক পাছ কৰাবলৈ গৈ আটক হ’বলগীয়া হ’ল পৰীক্ষাৰ্থীৰ ৰূপত অৱতীৰ্ন হোৱা এগৰাকী বোৱাৰী ৷ যি সময়ত বোৱাৰীয়েকৰ হাতত শাহুৱেকৰ মৃত্যু হ’বলগীয়া হৈছে সেই সময়তে এইগৰাকী বোৱাৰীৰ মহানুভৱতাই আপোনাকো ভাবিবলৈ বাধ্য কৰিব (Daughter in law detained)৷

এই ঘটনা ধেমাজিৰ জীয়াধল উচ্চ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰৰ ৷ পূৱ জীয়াধল হাইস্কুলৰ পৰীক্ষাৰ্থী আছিল শদিয়াৰ অমৰপুৰৰ বাসিন্দা জবাৰানী চন্দী ৷ কিন্তু জীয়াধল উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত শাহুৱেকৰ হৈ পৰীক্ষা দিবলৈ গ’ল জবাৰনী চন্দীৰ বোৱাৰী আইতেশ্বৰী পেগু ৷ নীৰিক্ষকে এডমিট কাৰ্ড পৰীক্ষা কৰাৰ সময়ত এডমিট কাৰ্ডত থকা ফটো আৰু পৰীক্ষা দিয়া প্ৰাৰ্থীগৰাকীৰ চেহেৰাৰ অমিল দেখি কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়াক এই কথা অৱগত কৰে ৷

আৰক্ষীৰ সোধা পোচাৰ অন্তত বোৱাৰীয়েক আইতেশ্বৰী পেগুৱে স্বীকাৰ কৰে যে শাহুৱেকৰ হৈ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আহিছিল তেওঁ ৷ লগে লগে কেন্দ্ৰটোৰ কৰ্তৃপক্ষই ধেমাজি সদৰ থানাত এই বিষয়ে এখন এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত ধেমাজি আৰক্ষীয়ে দুই শাহু-বোৱাৰী ক্ৰমে জবাৰানী চন্দী আৰু আইতেশ্বৰী পেগুক আটক কৰে ৷ পৰীক্ষাৰ্থী গৰাকীৰ Roll B23- 0234 আৰু N0 209 ৷

ইয়াৰ পূৰ্বে বিদ্যালয়খনৰ অধ্যক্ষ তথা পৰীক্ষাকেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে এই সমগ্ৰ বিষয়টো ধেমাজি জিলা শিক্ষা বিষয়া আৰু ছেবাৰ চাব জৰ্নেল অফিচাৰ পংকজ বৰাকো অৱগত কৰে ৷ তদুপৰি পৰীক্ষাৰ্থীগৰাকীয়ে পৰীক্ষা দিবলৈ অহা বিদ্যালয়খনৰ পূৱ জীয়াঢল হাইস্কুলৰ প্ৰধান শিক্ষকক মাতি আনি আলোচনাত মিলিত হৈ পৰীক্ষাৰ্থীগৰাকী উক্ত বিদ্যালয়খনৰে বুলি লিখিতভাৱে স্বীকাৰোক্তি দিয়ে ৷

এই পৰীক্ষাকেন্দ্ৰত অঞ্চলটোৰ 7 খন বিদ্যালয়ৰ 216 শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে এই কাণ্ডৰ লগত জড়িত দুয়োগৰাকী অভিযুক্ত শাহু-বোৱাৰীয়েকক আটক কৰি এডমিট কাৰ্ড জব্দ কৰিছে ৷

উল্লেখ্য যে এইবৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধেমাজি জিলাৰ মুঠ 34 টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হৈছে মুঠ 14,117 গৰাকী পৰীক্ষাৰ্থী ৷

লগতে পঢ়ক: Book distribution program: মেট্ৰিকৰ প্ৰশ্নকাকত ভাইৰেল হোৱা বাতৰিয়ে মোক হহুৱালে- শিক্ষামন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.