ETV Bharat / state

Digital Library in Dhemaji: ধেমাজি সদৰত উন্মোচন মিচিং সাহিত্য সভাৰ ই লাইব্ৰেৰী

author img

By

Published : Dec 17, 2022, 8:42 PM IST

মিচিং সাহিত্য সভাৰ ইতিহাসত সংযোজন ঘটিল এক নতুন অধ্যায়ৰ । ধেমাজি সদৰত স্থাপন হ’ল মিচিং সাহিত্য সভাৰ ই-লাইব্ৰেৰী (Digital Library in Dhemaji) ৷ শনিবাৰে ধেমাজি সদৰস্থিত মিচিং সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত মিচিং সাহিত্য সভাৰ ই-লাইব্ৰেৰীৰ উন্মোচনী সভাখন অনুষ্ঠিত হৈ যায় ৷

E library launched by MAC CEM Parmanand Chayengia in Dhemaji
ধেমাজি সদৰত উন্মোচন মিচিং সাহিত্য সভাৰ ই লাইব্ৰেৰী
ধেমাজি সদৰত উন্মোচন হ’ল মিচিং সাহিত্য সভাৰ ই লাইব্ৰেৰী

ধেমাজি, 17 ডিচেম্বৰ: পুথিভঁৰাল ৷ পুথিভঁৰাল বুলি ক’লে সাধাৰণতে আমাৰ মনলৈ আহে কিতাপেৰে সজাই পৰাই থোৱা এটা ডাঙৰ ৰূম ৷ নহয়নে বাৰু ? চকুৰ সন্মুখত ভাহি আহে কিতাপেৰে ভৰি থকা ৰূমটোৰ ছবিখনে ৷ কিন্তু এইখিনিতে প্ৰশ্ন হয় যে, বৰ্তমানৰ যুগত কিমানগৰাকী পঢ়ুৱৈয়ে পুথিভঁৰালত গৈ কিতাপ পঢ়ে ? পিছে এই কথাষাৰ সোধাৰ যুক্তি নথকা নহয় ৷ যিহেতু বৰ্তমান ডিজিটেল যোগ, গতিকে লাইব্ৰেৰীকো ডিজিটেল কৰাটো যুগুত । আজিকালি নৱপ্ৰজন্মকে আদি কৰি ডেকা-গাভৰু, প্ৰাপ্তবয়স্ক সকলোৰে হাতে হাতে আছে স্মাৰ্ট ফোন ৷ সকলো ব্যস্ত থাকে মোবাইলত ৷ মোবাইলতে পঢ়িব খোজে সকলো খবৰ কিম্বা কিতাপ ৷

সেয়েহে এই সকলোবোৰৰ বাবে প্ৰয়োজন হয় আধুনিক পুথিভঁৰালৰ ৷ এই আধুনিক পুথিভঁৰালৰ প্ৰথম পদক্ষেপ হৈছে কম্পিউটাৰাইজেচন । বৰ্তমানৰ পৰিৱৰ্তনশীল পৰিস্থিতিত পুথিভঁৰাল আধুনিকীকৰণৰ পিছৰ খেপটো হৈছে লাইব্ৰেৰী অটোমেচন । অটোমেচনৰ পাছত উন্নত মানলৈ নিয়াৰ পদক্ষেপ হৈছে ডিজিটেল লাইব্ৰেৰী । ডিজিটেল লাইব্ৰেৰীৰ যোগেদি বহু ক্ষেত্ৰত লাভাম্বিত তথা উপকৃত হয় নৱপ্ৰজন্ম ৷ ঘৰতে বহি মোবাইলযোগে প্ৰতিজন পঢ়ুৱৈয়ে বিষয়, কিতাপৰ নাম, লেখক, প্ৰকাশক, প্ৰকাশনৰ বছৰ, কী-বৰ্ডৰ সহায়ত বিচাৰি পাব পাৰে কিতাপখন ।

শেহতীয়াকৈ মিচিং সাহিত্য সভাৰ ইতিহাসত সংযোজন ঘটিল এক নতুন অধ্যায়ৰ । ধেমাজি সদৰত স্থাপন হ’ল মিচিং সাহিত্য সভাৰ এটা ই লাইব্ৰেৰী (Digital Library in Dhemaji) ৷ শনিবাৰে ধেমাজি সদৰস্থিত মিচিং সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত মিচিং সাহিত্য সভাৰ ই-লাইব্ৰেৰীৰ উন্মোচন সভাখন অনুষ্ঠিত হয় (Mising Sahitya Sabha) ৷ ই লাইব্ৰেৰী উন্মোচন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই (Mising Autonomous Council) ৷ মিচিং সাহিত্য সভাৰ সভাপতি গোবিন্দ টাইদৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এই সভাখন ৷

গোবিন্দ টাইদৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উন্মোচনী সভাত মিচিং সাহিত্য সভাৰ প্ৰধান সচিব ডিম্বেশ্বৰ দলে, কালিনাথ পাংগিংকে আদি কৰি জাতীয় সংগঠনসমূহৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ৷ এই ই-লাইব্ৰেৰীৰ দ্বাৰা আগন্তুক দিনত নৱ প্ৰজন্মই উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে মিচিং সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ৷ ই-লাইব্ৰেৰীত বৰ্তমান ৪৫ খন গ্ৰন্থ সন্নিবিষ্ট কৰা হৈছে (Mising Agom Kebalok) ৷ এই ক্ষেত্ৰত পাঠক সমাজক ইয়াৰ সুবিধা ল’বলৈ আহ্বান জনাইছে উন্মোচক তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই ৷

ইফালে মিচিং সাহিত্য সভাৰ বাবে আজিৰ দিনটো এক গৌৰৱৰ দিন হিচাবে বিবেচিত হ’ব ৷ আগন্তুক দিনত ই-লাইব্ৰেৰীয়ে নৱ প্ৰজন্মৰ হাতে হাতে থকা স্মাৰ্ট ফোনতেই এতিয়াৰে পৰা সকলো সভাত প্ৰকাশিত কিতাপসমূহ অধ্যয়ন কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে পৰমানন্দ চায়েঙীয়াই ।

লগতে পঢ়ক: Manohari Gold tea: চাহ নিলামত পুনৰ অভিলেখ অসমৰ মনোহাৰী চাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.