ETV Bharat / state

বিছিন্ন হৈ পৰিল শ্ৰীপাণি-নিলখ সংযোগী পথ - dhemaji

বিগত কিছুদিন ধৰি অসম-অৰুণাচলত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মিছামাৰী নৈৰ পানীয়ে পুনৰ একে স্থানতে উটুৱাই নিয়াৰ ফলত সম্প্ৰতি ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে

বিছিন্ন হৈ পৰিল শ্ৰীপাণি-নিলখ সংযোগী পথ
author img

By

Published : Jul 27, 2019, 5:33 PM IST

Updated : Jul 27, 2019, 7:45 PM IST

ধেমাজী 27 জুলাইঃ ধেমাজিৰ শ্ৰীপাণি-নিলখ সংযোগী একমাত্ৰ পথৰ সংযোগ বিচ্ছিন্ন ৷ মিছামাৰী নৈৰ বাঢ়নী পানীয়ে ছিঙিলে পথছোৱা ৷ উল্লেখ্য যে, পূৰ্বেও পথটো মিছামাৰী নৈৰ বাঢ়নী পানীয়ে চিঙি নিয়ে যদিও স্থানীয় ৰাইজৰ তৎপৰতাত পুনৰ যাতায়াতৰ বাবে সুচল হৈ পৰিছিল । কিন্তু বিগত কিছুদিন ধৰি অসম-অৰুণাচলত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মিছামাৰী নৈৰ পানীয়ে পুনৰ একে স্থানতে উটুৱাই নিয়াৰ ফলত সম্প্ৰতি ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ৷ যাৰ বাবে স্থানীয় ৰাইজ তথা শ্ৰীপাণিৰ আঞ্চলিক সন্থাই শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক একমাত্ৰ সংযোগী পথটো নিৰ্মাণ কৰিবলৈ দাবী জনাই ৷

Intro:Body:চিচিবৰগাঁৱৰ শ্ৰীপাণি- নিলখ সংযোগী পথ বিচ্ছিন্ন

জোনাই , 27 জুলাইঃ

সমগ্ৰ ৰাজ্যখনতে প্ৰলয়ংকাৰী বানপানীয়ে এক বিভিষিকাময় পৰিৱেশ সৃষ্টি কৰাৰ মাজতে আজি ধেমাজি জিলাৰ শ্ৰীপাণি- নিলখ সংযোগী একমাত্ৰ পথটিৰ সংযোগ বিচ্ছিন্ন হৈ পৰে। প্ৰাপ্ত তথ্য অনুসৰি, চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত নিলখ গাঁও পঞ্চায়তৰ নগাঁৱৰ সমীপত মিছামাৰী নৈৰ বাঢ়নী পানীত ছিঙি বৰ্হিঃ জগতৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল যদিও স্থানীয় ৰাইজৰ তৎপৰতাত পুনৰ যাতায়াতৰ বাবে সুচল হৈ পৰিছিল। কিন্তু যোৱা কিছুদিন অসম- অৰুণাচলত হৈ থকা ধাৰাবাহিক বৰষুণৰ ফলত মিছামাৰী নৈৰ বক্ষ পানীৰে ওফন্দি উঠে আৰু কালি পুনৰ একে স্থানতে উটুৱাই নিয়াৰ ফলত সম্প্ৰতি ৰাইজৰ মাজত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে। বৃহত্তৰ শ্ৰীপাণি আৰু নিলখ অঞ্চলৰ  শিক্ষাৰ্থী, চিকিৎসা, ব্যৱসায়- বাণিজ্যৰ পৰা আৰম্ভ কৰি দৈনন্দিন শ শ পৰিয়ালে অহা- যোৱা কৰা একমাত্ৰ পথটি অতিশীঘ্ৰে নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনৰ ওচৰত দাবী জনাইছে শ্ৰীপাণিৰ আঞ্চলিক সন্থাৰ লগতে ৰাইজে ।

কৰবী দলে জোনাই Conclusion:
Last Updated : Jul 27, 2019, 7:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.