ধেমাজি, 25 মে : প্ৰাপ্যৰ মজুৰিৰ দাবীত শনিবাৰে প্ৰতিবাদত নামিল ধেমাজি বজৰং ৰাইচ মিলৰ শতাধিক শ্ৰমিক । মিলটোৰ শতাধিক পুৰুষ-মহিলা শ্ৰমিকে মালিকৰ শোষণৰ বিৰুদ্ধে মিলটোৰ প্ৰৱেশদ্বাৰত কেবাঘণ্টা ধৰি প্ৰতিবাদ কৰি 260 পৰিৱৰ্তে 350 টকালৈ মজুৰি বৃদ্ধি কৰিবলৈ দাবী জনায় ।
তদুপৰি বছৰ বছৰ ধৰি মিলটোত কৰ্মৰত হৈ থকা মহিলা শ্ৰমিকৰ জীৱন আৰু স্বাস্থ্য বিষয়েও তিলমানো গুৰুত্ব নিদিয়ে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে মহিলা শ্ৰমিক সকলে ৷ ইপিনে থলুৱা শ্ৰমিকৰ দীৰ্ঘদিনীয়াৰ দাবীক কেৰেপ নকৰি মিলটোৰ মালিক পক্ষই বাহিৰৰ পৰা শ্ৰমিক অনাৰো অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷
লগতে চাওকঃ পুনৰ গো মাংস ইচ্ছ্যু : নিৰ্মমভাৱে গুৰুলা-গুৰুলকৈ প্ৰহাৰ তিনিজনক