ETV Bharat / state

মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ ধেমাজি জিলা সাংবাদিক সংস্থাৰ - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰকপত্ৰ প্ৰেৰণ

নিতৌ খবৰ যোগান ধৰি থকা সংবাদ কৰ্মীসকলৰ, চৰকাৰী কৰ্মচাৰীৰ দৰে সুনিশ্চিত নহয় নিজৰ লগতে পৰিয়ালৰ নিৰাপত্তা ৷ আনহে নালাগে সংবাদ গোষ্ঠীয়ে প্ৰদান কৰা সামান্য পাৰিতোষিকো সময় মতে পাবলৈ সক্ষম নহয় সংবাদকৰ্মীসকল ৷ যাৰ বাবে যথেষ্ঠ অসুবিধা সন্মুখীন হ'বলগীয়া হৈছে সংবাদকৰ্মী সকল ৷

Dhemaji journalist assocoation sent memorandum to CM seeking relief
সংবাদকৰ্মীক সাহাৰ্য প্ৰদানৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ ধেমাজি জিলা সাংবাদিক সংস্থাৰ
author img

By

Published : May 24, 2020, 12:33 PM IST

ধেমাজি, 24 মে': বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ বাবে দেশত লক ডাউন প্ৰৱৰ্তন হোৱা দিনৰে পৰা চিকিৎসাকৰ্মী তথা আৰক্ষীসকলৰ সমান্তৰালকৈ নিৰৱিছিন্ন ভাৱে সেৱা আগবঢ়াই গৈছে সংবাদ কৰ্মীসকলে ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে কোভিড-19 প্ৰতিৰোধ আৰু সজাগতাৰ বাবে নিতৌ খবৰ যোগান ধৰি থকা সংবাদ কৰ্মীসকলৰ, চৰকাৰী কৰ্মচাৰীৰ দৰে সুনিশ্চিত নহয় নিজৰ আৰু পৰিয়ালৰ নিৰাপত্তা ৷

Dhemaji journalist assocoation sent memorandum to CM seeking relief
সংবাদকৰ্মীক সাহাৰ্য প্ৰদানৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

আনহে নালাগে সংবাদ গোষ্ঠীয়ে প্ৰদান কৰা সামান্য পাৰিতোষিকো সময় মতে পাবলৈ সক্ষম নহয় সংবাদকৰ্মীসকলে ৷ যাৰ বাবে যথেষ্ঠ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে সংবাদকৰ্মীসকল ৷ সেয়েহে লকডাউনৰ সময়ছোৱাত আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা সংবাদকৰ্মীসকলক এককালীন সাহাৰ্য প্ৰদান কৰাৰ দাবীৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ধেমাজি জিলা সাংবাদিক সংস্থাই ৷

ইপিনে জিলা সাংবাদিক সংস্থাৰ সভাপতি অশ্বিনী কুমাৰ দুৱাৰাই কয় যে, "মহামাৰীৰ কৰ'ণাৰ যুজঁত সংবাদ কৰ্মীসকলেও পৰিয়ালৰ কথা চিন্তা নকৰি চৰকাৰী পক্ষৰ সমানেই আগভাগ লৈ আহিছে ৷ সেয়ে সংবাদ কৰ্মীসকলৰ কথাও চৰকাৰে এবাৰ ভাবিব লাগে" ৷ একেদৰে ধেমাজি জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমান ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি প্ৰেমানন্দ তালুকদাৰে ক্ষোভ প্ৰকাশ কৰি কয় যে কোভিড-19 ৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে মোটা দৰমহা আৰু সুবিধা লাভ কৰি কৰ্তব্য পালন কৰি আহিছে ৷

সংবাদকৰ্মীক সাহাৰ্য প্ৰদানৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ ধেমাজি জিলা সাংবাদিক সংস্থাৰ

কিন্তু ইয়াৰ বিপৰীতে সংবাদকৰ্মীসকলে নিজৰ জীৱন আৰু পৰিয়ালক তুচ্ছ কৰি চৰকাৰী দৰমহা আৰু সুবিধা অবিহনেই এই যুঁজত অৱতীৰ্ণ হৈ আহিছে ৷ সেয়ে অসম চৰকাৰৰ সকলো স্বীকৃতিপ্ৰাপ্ত সংবাদ কৰ্মীসকলক এককালীন সাহাৰ্য প্ৰদান কৰি উৎসাহিত কৰিবলৈ চৰকাৰক দাবী জনাইছে দুয়োগৰাকী জ্যেষ্ঠ সাংবাদিকে ৷

লগতে পঢ়কঃ ৰঙাপৰাত প্ৰথমটো বানে বুৰালে শ শ হেক্ট'ৰ কৃষি ভূমি : চিন্তিত কৃষক ৰাইজ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.