ETV Bharat / state

ধেমাজিৰ দক্ষিণ ডুমকটা গাঁৱক কন্টেইনমেন্ট জ'ন ঘোষণা

author img

By

Published : May 22, 2021, 1:52 PM IST

ধেমাজিৰ বেঙেনাগৰা অঞ্চলৰ দক্ষিণ ডুমকটা গাঁৱক কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা জিলা প্ৰশাসনৰ । শুকুৰবাৰৰ পৰা বলৱৎ হোৱাকৈ উক্ত গাঁওখনৰ এটা অংশ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ।

dhemaji covid
ধেমাজিৰ দক্ষিণ ডুমকটা গাঁৱক কন্টেইনমেন্ট জ'ন ঘোষণা জিলা প্ৰশাসনৰ

ধেমাজি, ২২ মে': সমগ্ৰ দেশৰ লগতে উজনি অসমৰ ধেমাজিতো মহমাৰী কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণ অব্যাহত আছে । জিলাখনত প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । জিলাখনৰ বেঙেনাগৰা অঞ্চলৰ দক্ষিণ ডুমকটা গাৱঁত বিগত দুদিন ধৰি বৰ্ধিত হাৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত জনগণৰ সুস্বাস্থ্য ৰক্ষা কৰাৰ স্বাৰ্থত কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ।

শুকুৰবাৰৰ পৰা বলৱৎ হোৱাকৈ উক্ত গাঁওখনৰ এটা অংশ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে । ইতিমধ্যে ধেমাজি ৰাজহ চক্ৰ বিষয়াই অঞ্চলটো ছীল কৰিছে ৷ অসম ক'ভিড-১৯ নিয়ম ২০২০ৰ অধীনত অঞ্চলটো আগন্তুক দহ দিনলৈকে কন্টেইনমেন্ট জ'ন হিচাপে থাকিব । এই সময়ছোৱাত অঞ্চলটোৰ পৰা কোনো ধৰণৰ বাহন, কোনো ব্যক্তিয়ে অহা-যোৱা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা থাকিব ৷ অঞ্চলটোৰ ভিতৰতো ব্যক্তিসকলে মানিব লাগিব প্ৰশাসনৰ কঠোৰ নিয়ম ৷

লগতে পঢ়ক: মৰাণত ১৮৫৬ জনলৈ বৃদ্ধি ক'ভিড আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.