ধেমাজি, 27 ছেপ্টেম্বৰ : ধেমাজি অসামৰিক চিকিৎসালয়ত চৰম অৰাজকতাৰ অভিযোগ । চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰসূতিৰ পৰিয়ালৰ পৰা উৎকোচ বিচাৰি কৰ্মৰত নাৰ্চে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে । উৎকোচ নিদিলে নাৰ্চে মাতৃসহ শিশুক চিকিৎসা কক্ষৰ বাহিৰলৈ যাবলৈ নিদিয়াৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ । অভিযোগ অনুসৰি 25 চেপ্তেম্বৰত গোগামুখ গৰৈমাৰীৰ বিচিত্ৰ খনিকৰ নামৰ গৰ্ভৱতী মহিলাগৰাকী চিকিৎসালয়ত ভৰ্তি কৰায় ৷ মহিলাগৰাকীৰ সন্তান প্ৰসৱৰ পাছত কৰ্মৰত নাৰ্ছসকলে অভিভাৱকক মাতি ১০০০ টকা দাবী কৰে ৷ পৰিয়ালটোৰ ওচৰত হাজাৰ টকা নথকাত 300 টকা যাচে কিন্তু ইয়াৰ পিছতো মান্তি নহয় নাৰ্ছ কেইগৰাকী ৷ অৱশেষত আনৰ পৰা ধাৰ লৈ মুঠ 650 টকা আদায় দিয়াত হে মান্তি হয় কৰ্মৰত নাৰ্ছসকল ৷ অন্যান্য ৰোগীৰ অভিভাৱকৰ পৰাও এহেজাৰ পৰা দুহেজাৰ পৰ্যন্ত উৎকোচ লয় চিকিৎসালয়খনৰ কৰ্মৰত নাৰ্চে ।
ধেমাজি অসামৰিক চিকিৎসালয়ত নাৰ্ছৰ ধনদাবী! - সন্তান জন্ম দিয়া প্ৰসূতি মাতৃৰ অভিভাৱকক ধন দাবী কৰে কৰ্মৰত নাৰ্ছে
ধেমাজি অসামৰিক চিকিৎসালয়ত সন্তান জন্ম দিয়া প্ৰসূতিৰ পৰিয়ালক ধন দাবী কৰে কৰ্মৰত নাৰ্ছে ৷ উৎকোচ নিদিলে নাৰ্চে মাতৃসহ শিশুক চিকিৎসা কক্ষৰ বাহিৰলৈ যাবলৈ নিদিয়াৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ ৷

ধেমাজি, 27 ছেপ্টেম্বৰ : ধেমাজি অসামৰিক চিকিৎসালয়ত চৰম অৰাজকতাৰ অভিযোগ । চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰসূতিৰ পৰিয়ালৰ পৰা উৎকোচ বিচাৰি কৰ্মৰত নাৰ্চে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে । উৎকোচ নিদিলে নাৰ্চে মাতৃসহ শিশুক চিকিৎসা কক্ষৰ বাহিৰলৈ যাবলৈ নিদিয়াৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ । অভিযোগ অনুসৰি 25 চেপ্তেম্বৰত গোগামুখ গৰৈমাৰীৰ বিচিত্ৰ খনিকৰ নামৰ গৰ্ভৱতী মহিলাগৰাকী চিকিৎসালয়ত ভৰ্তি কৰায় ৷ মহিলাগৰাকীৰ সন্তান প্ৰসৱৰ পাছত কৰ্মৰত নাৰ্ছসকলে অভিভাৱকক মাতি ১০০০ টকা দাবী কৰে ৷ পৰিয়ালটোৰ ওচৰত হাজাৰ টকা নথকাত 300 টকা যাচে কিন্তু ইয়াৰ পিছতো মান্তি নহয় নাৰ্ছ কেইগৰাকী ৷ অৱশেষত আনৰ পৰা ধাৰ লৈ মুঠ 650 টকা আদায় দিয়াত হে মান্তি হয় কৰ্মৰত নাৰ্ছসকল ৷ অন্যান্য ৰোগীৰ অভিভাৱকৰ পৰাও এহেজাৰ পৰা দুহেজাৰ পৰ্যন্ত উৎকোচ লয় চিকিৎসালয়খনৰ কৰ্মৰত নাৰ্চে ।
Body:ধেমাজি অসামৰিক চিকিৎসালত অৰাজকতা । সন্তান জন্ম দিয়াপ্ৰসূতি মাতৃৰ অভিভাৱকক ধন দাবী নাৰ্চৰ ।
ধেমাজি , 26 চেপ্তেম্বৰ : ধেমাজি অসামৰিক চিকিৎসালয়ত অৰাজকতা । চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰসূতি মাতৃ অভিভাৱকৰ পৰা উৎকোচ বিচাৰি হাৰাশাস্তি কৰে কৰ্মৰত নাৰ্চে । উৎকোচ নিদিলে মাতৃসহ শিশুক চিকিৎসা কক্ষৰ বাহিৰলৈ যাব নিদিয়াৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ । অভিযোগ মতে যোৱাকালি অৰ্থাৎ 25 চেপ্তেম্বৰত গোগামুখ গৰৈমাৰী ৰ বিচিত্ৰ খনিকৰ নামৰ গৰ্ভৱতী মহিলাগৰাকী চিকিৎসালয়ত ভৰ্তি কৰায় য়দিও চিকিৎসা ক ক্ষৰ দুৱাৰ - দলিতেই এটি সন্তান জন্ম দিয়ে যদিও নাৰ্চে চিকিৎসা কক্ষত নি পৰিচৰ্যা কৰে । আৰু অভিভাৱক মাতি ১০০০ টকা দাবী কৰে পিছত 300 টকা দিয়াত মান্তি নহয় । অৱশেষত আনৰ পৰা ধাৰ লৈ মুঠ 650 টকা আদায় দিয়াত হে মান্তি হয়
অভিযোগ অন্যান্য ৰোগীৰ অভিভাৱকৰ পৰাও এহেজাৰ পৰা দুহেজাৰ পৰ্যন্ত উৎকোচ লয় চিকিৎসালয়খনৰ কৰ্মৰত নাৰ্চে ।
Conclusion: দুৰ্নীতি সহনশীলতাৰ কথা কোৱা , সকলো সা সুবিধা উপলব্ধ বুলি ঢাকঢোল কোবোৱা চৰকাৰখনে দৰিদ্ৰৰ জনসাধাৰণৰ তেজ শোহা এইসকল চৰকাৰী কৰ্তব্যৰত নাৰ্চৰ , অতপালি ৰোধ কৰিবলৈ সক্ষম হবনে । অথবা চৰকাৰৰ সকলো সুবিধা কেনেদৰে দৰিদ্ৰ ৰোগীয়ে লাভ কৰিছে তাক নজৰ দিবলৈ আজৰি ওলাব নে সেয়াই হৈছে এতিয়া এক জটিল প্ৰশ্ন ।
ধেমাজিৰ পৰা প্ৰদুণ্য ভৰালী , Etv, Bharat, Report, Assam, 26/9/2019