ETV Bharat / state

MORAL POLICING : শিশু নিৰ্যাতনত জড়িত অভিযুক্তক আটক - ধেমাজিত মৰেল পুলিচগিৰি

দেবেৰা গাঁৱত তিনি শিশুৰ ওপৰত চলোৱা মৰেল পুলিচগিৰিৰ অভিযুক্তক আটক আৰক্ষীৰ ৷ শিশু নিৰ্যাতনত জড়িত জগত পেগুক আদালতত হাজিৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হ’ব বুলি ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা (Ranjan Bhuyan)ই সদৰি কৰে ৷

child-tortured-accused-arrested
শিশু নিৰ্যাতনত জড়িত অভিযুক্তক আটক
author img

By

Published : Jun 14, 2021, 9:13 PM IST

ধেমাজি,14 জুন : চিলাপথাৰৰ মধ্য চিচি টঙানি পঞ্চায়তৰ মেৰ দেবেৰা গাঁৱৰ টঙানি নদী (Tongani River)ৰ পাৰত তিনিটা শিশুক নিৰ্যাতন চলোৱা অভিযুক্ত জগত পেগুক আটক কৰে আৰক্ষীয়ে ৷ শিশু কেইটাৰ অভিভাৱকে এই সন্দৰ্ভত চিলাপথাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷ ইয়াৰ পাচছতেই আৰক্ষীয়ে ক্ষীপ্ৰতাৰে অভিযুক্ত পেগুক অনুসন্ধান চলাই আটক কৰিবলৈ সক্ষম হয় ৷

ইফালে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা (Ranjan Bhuyan)ই ৷ মেৰ দেবেৰা গাঁৱৰ শিশু নিৰ্যাতনত জড়িত জগত পেগুক আদালতত হাজিৰ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হ’ব বুলি কোৱাৰ লগতে আগন্তুক দিনত জিলাখনত এনেধৰণৰ ঘটনা সংঘটিত নকৰিবলৈ ৰাইজক আহ্বান জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাৰ মন্তব্য

ঘটনা অনুসৰি, বিগত 9 জুনত গৰু চৰাবলৈ যাওতে তিনিওটা শিশুক নিৰ্যাতন চলোৱা দৃশ্য ভাইৰেল হৈছিল ৷ গৰু চৰোৱা সময়তে নদীৰ পাৰত থকা নাও লৈ খেলি আছিল তিনিওটা শিশুৱে । গা ধুই খেলি থকা অৱস্থাতে অভিযুক্ত জগত পেগুৱে পাতি ৰখা জালত নাও লাগি ধৰা বুলি কৈ শিশু তিনিটাক খেদি যায় । বহু দূৰ খেদি খেদি শিশু তিনিটাক ধৰি লোকজনে কাঁইটৰ জোপোহা গছত বগৰাই চৰম শাস্তি প্ৰদান কৰাৰ লগতে গুপ্তাংগত কাঁইট ভৰাই অত্যাচাৰ কৰে ।

লগতে পঢ়ক : ভিক্ষাৰীৰ গুদামত তিনি গভাইত চোৰ...তাৰ পিছত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.