ETV Bharat / state

জোনাইৰ সামূহিক চিকিৎসালয়ত ক’ভিড যোদ্ধাক সম্বৰ্ধনা

author img

By

Published : Jun 12, 2021, 7:56 PM IST

জোনাইত নিজৰ জীৱনকো তুচ্ছ কৰি ক’ভিড বিৰোধী যুদ্ধত সম্মুখৰ পৰা নেতৃত্ব দি অহা চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীসকলক সম্বৰ্ধনা ৷ অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত চিকিৎসা কৰ্মীসকলক সম্বৰ্ধনা জ্ঞাপন ৷

Covid warrior felicitated at Jonai
জোনাইৰ সামূহিক চিকিৎসালয়ত ক’ভিড যোদ্ধাক সম্বৰ্ধনা

জোনাই, 12 জুন: অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ তৰফৰ পৰা শুকুৰবাৰে জনসাধাৰণৰ সেৱাত নিয়োজিত হৈ থকা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক এটা গছপুলি, এখন মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ৷

উল্লেখ্য যে, নিজৰ জীৱনকো তুচ্ছ কৰি ক’ভিড বিৰোধী যুদ্ধত সম্মুখৰ পৰা নেতৃত্ব দি আহিছে চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মীসকলে ৷ ক’ভিডৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজত পৰিয়ালৰ লোকৰ পৰা আঁতৰত থাকি দিন-ৰাতি একাকাৰ কৰি জনসাধাৰণৰ সেৱাত নিয়োজিত হৈ আছে চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল ৷

অনুষ্ঠানত ধেমাজি জিলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মা, কাৰ্যনিৰ্বাহক নীল গগৈ, জিলা সমিতিৰ উপদেষ্টা ৰজনী সন্দিকৈ, সাংগঠনিক সম্পাদক ধীৰাজ মিৰি, প্ৰচাৰ সম্পাদক জিতেন মিলি, জোনাই আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰত্নেশ্বৰ মিৰি, ভাৰপ্ৰাপ্ত সম্পাদক দিব্যজ্যোতি কোঁৱৰৰ লগতে সংগঠনটোৰ সমূহ কৰ্মকৰ্তা উপস্থিত থাকে ৷ সম্বৰ্ধনা অনুষ্ঠানত ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ গুণদা লাগাছুৱে জোনাই মহকুমা সামূহিক চিকিৎসালয়ৰ প্ৰাংগণত এজোপা বকুল গছ ৰোপণ কৰে ৷

লগতে পঢ়ক : প্ৰদ্যুৎ বৰদলৈ হ’ব পাৰে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.