ETV Bharat / state

ধেমাজিত ৰাজহুৱা বিতৰণ ব্যৱস্থাত ব্যাপক অনিয়মৰ অভিযোগ

author img

By

Published : Jun 4, 2020, 4:21 PM IST

ধেমাজিৰ বৰদলনি সমবায় সমিতিৰ অধীনৰ বাহাকাটিকা গাঁৱৰ সমবায় এজেণ্ট মহানন্দ বৰুৱাৰ বিৰুদ্ধে ৰাজহুৱা বিতৰণ ব্যৱস্থাত লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজ ৷

Dhemaji
ধেমাজিত ৰাজহুৱা বিতৰণ ব্যৱস্থাত ব্যাপক অনিয়মৰ অভিযোগ

ধেমাজি , 4 জুন : ধেমাজিত ৰাজহুৱা বিতৰণ ব্যৱস্থাত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ৰাইজৰ ভাষ্য অনুসৰি, জিলাখনৰ বৰদলনি সমবায় সমিতিৰ অধীনৰ বাহাকাটিকা গাঁৱৰ সমবায় এজেণ্ট মহানন্দ বৰুৱাই গাঁওখনত কেৱল লুণ্ঠনৰাজ চলাই আহিছে ৷ গাঁওখনৰ ৰূপজ্যোতি বৰ্মন,খগেশ্বৰ বৰ্মন,অভৰণ বৰ্মন,পৰীক্ষিত বৰ্মন,মনেশ্বৰ বৰ্মন,হিতেশ্বৰ বৰ্মন,সুৰেন বৰ্মন আদি ১৫ গৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে বিগত মাৰ্চ মাহৰ পৰা চৰকাৰী সুলভ মূল্যৰ খাদ্য সামগ্ৰীৰ পৰা বঞ্চিত হৈ আছে ৷

লগতে পঢ়কঃ কৰিমগঞ্জৰ ৰাজহুৱা স্থানত উদ্ধাৰ ব্যৱহৃত পিপিই কিট

কেৱল ইমানেই নহয় হিতাধিকাৰীৰ ঠিকনা আৰু বেংকৰ নাম সলনি কৰি অৰাজকতা সৃষ্টি কৰাৰো অভিযোগ উত্থাপন হৈছে এজেণ্টগৰাকীৰ বিৰুদ্ধে ৷ এই বিষয়ে স্থানীয় এজেণ্টে অজ্ঞানতা প্ৰকাশ কৰাত স্থানীয় লোকে ধেমাজি জিলা অসামৰিক খাদ্য আৰু যোগান বিভাগৰ সঞ্চালকক লিখিত অভিযোগ দিয়ে ৷

কিন্তু বিভাগটোৱে এই বিষয়ত কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলত ১ জুনত ধেমাজিৰ বিধায়ক ৰণোজ পেগুকো এই ঘটনা সন্দৰ্ভত ৰাইজে অভিযোগ দাখিল কৰে ৷ বিধায়কগৰাকীয়ে বিষয়টো অনুসন্ধান কৰাৰ বাবে জিলা অতিৰিক্ত উপায়ুক্তলৈ স্বাক্ষৰ কৰি এখন আবেদনৰ জৰিয়তে নিৰ্দেশ দিয়ে ৷ পৰৱৰ্তী সময়ত বিভাগটোৱে ঘটনা সন্দৰ্ভত অনুসন্ধান কৰাৰ আশ্বস্ত প্ৰদান কৰে ৷
লগতে চাওকঃ এপ্ৰিল মাহতেই জৰ্জ ফ্লোয়েডৰ দেহত পাইছিল কৰ'ণা পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.