ETV Bharat / state

8th Missing Youth Festival: থলুৱা-পৰম্পৰাগত খাদ্যৰে ভৰি পৰিছে চুমনি পথাৰ

author img

By

Published : Feb 3, 2023, 3:29 PM IST

ধেমাজি জিলাৰ গোগামুখ নাহৰবাৰীৰ চুমনি পথাৰত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশ । বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে সদৌ মিছিং ছাত্ৰ সন্থাৰৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰু অষ্টম মিছিং যুৱ মহোৎসৱ(Closing Ceremony of TMPK Golden Jubilee Year) ৷ ইতিমধ্য়ে মুকলি কৰা হৈছে মূল প্ৰৱেশ দ্বাৰৰ লগতে গ্ৰন্থমেলা, বানিজ্য মেলা, কৃষি মেলা, খাদ্য মেলাৰ দ্বাৰ ৷

Closing Ceremony of TMPK Golden Jubilee Year
TMPK ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰু অষ্টম মিছিং যুৱ মহোৎসৱ

জোনাই,২ ফেব্ৰুৱাৰী: উদুলি মুদুলি গোগামুখৰ চুমনি পথাৰ ৷ বিশ সহস্ৰাধিক প্ৰতিনিধিৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে গোগামুখ নাহৰবাৰীৰ চুমনি পথাৰত ৷ মুকলি কৰা হ’ল অষ্টম মিচিং যুৱ মহোৎসৱৰ মূল প্ৰৱেশদ্বাৰৰ(Main entrance is opened) লগতে গ্ৰন্থমেলা, বানিজ্য মেলা, কৃষি মেলা, খাদ্য মেলাৰ দ্বাৰ(8th Missing Youth Festival) ৷ বৃহস্পতিবাৰৰে পৰা গোগামুখ নাহৰবাৰীৰ চুমনিত আৰম্ভ হ’ল সদৌ মিছিং ছাত্ৰ সন্থাৰ(TMPK) ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰু অষ্টম মিছিং যুৱ মহোৎসৱ(Closing Ceremony of TMPK Golden Jubilee Year) ৷

দুশ সত্তৰ বিঘাজোৰা বিশাল পথাৰত ২ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসুচীৰে অনুষ্ঠিত হ’ব সদৌ মিছিং ছাত্ৰ সন্থাৰ(Takam Mising Porin Kebang) সোনালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰু অষ্টম মিছিং যুৱ মহোৎসৱ ৷ সেই উপলক্ষে নিৰ্মাণ কৰা হৈছে ৫০ হাজাৰ লোক বহিব পৰাকৈ সভাগৃহ, মুৰং ঘৰ, অৰুণাচলৰ আৰ্হিৰ মুৰং ঘৰ, অৰ্ধ শতাধিক গ্ৰন্থ বিপণি, ২০ খন কৃষি বিপণি, ৩০ খন হস্ততাঁত বস্ত্ৰ শিল্পৰ বিপণি, ১৪০ খনকৈ খাদ্য বিপণি, অনুসন্ধান কক্ষ, মিছিং জনগোষ্ঠীৰ পৰম্পৰাগত শিল্প গৃহ আৰু বৃহৎ আকাৰৰ অতিথিশালা আদি ৷

বৃহস্পতিবাৰে অনুষ্ঠানথলীৰ মূল প্ৰৱেশদ্বাৰ মুকলি কৰে মিছিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷ খাদ্যমেলাৰ দ্বাৰ মুকলি কৰে উপ মুখ্য-কাৰ্যবাহী যজ্ঞেশ্বৰ কুটুমে ৷ ইফালে মুৰং ঘৰ মুকলি কৰে মিছিং বানে কেবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াই ৷ ইয়াৰোপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে অন্তিম দিনটোৰ মুকলি সভাত অংশগ্ৰহন কৰিব ভাৰত চৰকাৰৰ আইন মন্ত্ৰী কিৰেণ ৰিজিজু, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, আছুৰ উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য প্ৰমুখ্যে উত্তৰ-পূৰ্বাঞ্চলৰ ভালেসংখ্যক জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়া আৰু সাংস্কৃতিক সংগঠকসকলে ৷

ইতিমধ্যে লোকাৰণ্য় হৈ পৰিছে মহোৎসৱস্থলী । পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি হিলদ'ল ভাঙি ওলাই মিছিং যুৱক-যুৱতী, ডেকা-গাভৰু, আৱাল-বৃদ্ধবনিতা । থলুৱা খাদ্যসম্ভাৰেৰে ভৰি পৰিছে মহোৎসৱস্থলী । বাঁহ-তথা জৈৱিক সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে মহোৎসৱস্থলীৰ তোৰণ ।

লগতে পঢ়ক: Anti-child marriage operation in Assam: ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান, নগাঁও আৰক্ষীৰ জালত বহু স্বামীকে ধৰি ৫১ জনকৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.