ETV Bharat / state

অৰুনাচল প্ৰদেশত চিয়াং নৈয়ে সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া

author img

By

Published : Sep 8, 2020, 12:31 PM IST

অৰুনাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ মেৱ অঞ্চলত চিয়াং নৈয়ে সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া ৷ ইতিমধ্যে জিলাখনৰ নামচিং, কোংকুল, চেৰেণ, বৰঘূলিকে ধৰি প্ৰায় ১০ খনৰো অধিক গাঁৱৰ দুই হেজাৰ হেক্টৰ কৃষি ভূমি জাহ গৈছে চিয়াং নৈৰ বুকুত ।

Chiyang river erosion at Arunachal
অৰুনাচল প্ৰদেশত চিয়াং নৈয়ে সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া

জোনাই,8 ছেপ্তেম্বৰঃ অৰুনাচল প্ৰদেশৰ চেৰামত চিয়াং নৈয়ে সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া ৷ বাৰিষা নৈখনৰ জলপৃষ্ঠ অস্বাভাৱিক ভাৱে বৃদ্ধি পোৱাৰ ফলত পূৱ চিয়াং জিলাৰ মেৱ অঞ্চলত বান আৰু গৰাখহনীয়া ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ বিগত বৰ্ষত ইতিমধ্যেই জিলাখনৰ নামচিং,কোংকুল, চেৰেণ,বৰঘূলিকে ধৰি প্ৰায় ১০ খনৰো অধিক গাঁৱৰ দুই হেজাৰ হেক্টৰ কৃষি ভূমি জাহ গৈছে চিয়াং নৈৰ বুকুত । ইয়াকে লৈ সম্প্ৰতি শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷

অৰুনাচল প্ৰদেশত চিয়াং নৈৰ গৰাখহনীয়া

আনহাতে, এইবেলিও গৰাখহনীয়াত চিগাৰ গাঁৱত থকা একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনৰ লগতে প্ৰায় চাৰিটাকৈ বাসগৃহ নৈৰ বুকুত জাহ যোৱাৰ উপৰিও পাচিঘাট আৰু শদিয়া সংযোগী গড়কাপ্তানী পথতো বহু ঠাইত খহাই পেলাইছে ৷ নৈখনৰ গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব আৰোপ নকৰাৰ ফলত গাঁৱৰ ৰাইজে শ্ৰমদানেৰে শিলৰ স্পাৰ লগতে বাঁহৰ পাৰকুপাইন দি গৰাখহনীয়া ৰোধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । কিন্তু ইয়াৰ পিছতো গৰাখহনীয়া ৰোধ কৰিবলৈ সক্ষম হোৱা নাই ৰাইজ ৷ সেয়েহে অতিশীঘ্ৰে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান দুৰ্ভগীয়া গাঁওবাসীৰ ৷

লগতে পঢ়ক-তেলচুৰি চক্ৰৰে জড়িত আৰু এজন আটক হ’ল গোলাঘাটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.