ETV Bharat / state

Chaange Chaange Congress: মিচিং জনগোষ্ঠীক উপেক্ষা কৰাৰ অভিযোগ মিচিং বিজেপি নেতাৰ বিৰুদ্ধে

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 2:04 PM IST

জোনাইৰ তেলাম বৰহাতিত মিচিং অধ্যুষিত অঞ্চলত 'চাঙে চাঙে কংগ্ৰেছ' কাৰ্যসূচী ৷ অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ লগতে প্ৰদেশ কংগ্ৰছৰ জ্যেষ্ঠ নেতা অপূৰ্ব ভট্টাচাৰ্য আৰু বহু দলীয় কৰ্মকৰ্তা উপস্থিত আছিল ৷ তেলামৰ চাং ঘৰত উপস্থিত হৈ ৰাইজৰ সমস্যা-অসুবিধাৰ বুজ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

Chaange Chaange Congress programme in jonai
তেলাম বৰহাতিত চাঙে চাঙে কংগ্ৰেছ কাৰ্যসূচী

জোনাই, 15 অক্টোবৰ : লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি দলৰ সাংগঠনিক ভেঁটি মজবুত কৰিবলৈ এইবাৰ জনজাতি অধ্যুষিত অঞ্চলত কংগ্ৰেছে আৰম্ভ কৰিছে 'চাঙে চাঙে কংগ্ৰেছ' শীৰ্ষক যাত্ৰা । মাজুলীৰ পৰা আৰম্ভ কৰা কংগ্ৰেছৰ এই সাংগঠনিক যাত্ৰা শনিবাৰে সন্ধিয়া চলিল জোনাই সমষ্টিৰ অন্তৰ্গত তেলামত । তেলাম বৰহাতিত মিচিং অধ্যুষিত অঞ্চলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰম্ভ কৰা 'চাঙে চাঙে কংগ্ৰেছ' কাৰ্যসূচীত জনজাতি মিচিং ৰাইজে ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয় ।

অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু স্থানীয় বিধায়ক ভূৱন পেগুক আক্ৰমণ কৰি সমালোচনাৰে থকা সৰকা কৰে । এসময়ত আৰ্মকা, TMPK আৰু গণশক্তিৰ সৈতে জড়িত থকা ডাঃ ৰণোজ পেগু আৰু স্থানীয় বিধায়ক ভূৱন পেগুয়ে বিজেপিত যোগ দিয়াৰ পিছত মিছিং জাতিক সম্পূৰ্ণৰূপে উপেক্ষা কৰে বুলি জনায় ।

আনহাতে, প্ৰদেশ কংগ্ৰছৰ জ্যেষ্ঠ নেতা অপূৰ্ব ভট্টাচাৰ্যই মুখ্যমন্ত্ৰী "আহিলে মাটি কাঢ়িব" শীৰ্ষক এটি গীতেৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ন বিজেপি হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰে । "হিমন্ত মামা আহিছে আমাৰ মাটি কিনিছে/দিবলৈ যে একোৱে নাই/ 30 টকাৰ চাউল লৈ 50 টকা কৰিছে/অৰুনোদয় নাপালোঁ মই" শীৰ্ষক গীতটিৰ প্ৰতি ৰাইজেও সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে ৷

দলটোৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, জ্যেষ্ঠ কংগ্ৰেছী ৰাণা গোস্বামীৰ লগতে স্থানীয় বহু কংগ্ৰেছীক লগত লৈ বিজেপি বিধায়ক ভুৱন পেগুৰ জোনাই সমষ্টিত ভূপেন বৰাই স্থানীয় লোকৰ সৈতে মত বিনিময়ত মিলিত হয় ৷ বিধায়ক ভুৱন পেগুৰ সমষ্টিৰ অন্তৰ্গত তেলামৰ চাং ঘৰত উপস্থিত হৈ ৰাইজৰ সমস্যা-অসুবিধাৰ বুজ লোৱাৰ লগতে সমষ্টিটোত কংগ্ৰেছৰ সাংগঠনিক দিশ সন্দৰ্ভত বৈঠকত অনুষ্ঠিত কৰে ৷

লগতে পঢ়ক : Wheat seeds recovered : দুৰ্নীতিমুক্ত অসমত বিনামূলীয়া ঘেঁহুৰ বীজৰ ক’লা বেহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.