ETV Bharat / state

ধেমাজিত মাৰুতি কাৰৰ পৰা জব্দ কানি - বৃদ্ধাগৰাকীৰ বেগ আৰু দুটা মোবাইল ফোন জব্দ

ধেমাজিত মাৰুতি কাৰৰ পৰা জব্দ কানি ৷ এগৰাকী মহিলাই কঢ়িয়াই আনিছিল কানিখিনি ৷

Cannabis seized from a Maruti car at Dhemaji
ধেমাজিত মাৰুতি কাৰৰ পৰা জব্দ কানি
author img

By

Published : Oct 23, 2020, 8:33 AM IST

ধেমাজি, 23 অক্টোবৰ : বৃহস্পতিবাৰে ধেমাজি সদৰ আৰক্ষী থানাৰ সমীপতে নিচাজাতীয় সামগ্ৰী কঢ়িয়াই অনা এখন মাৰুতি কাৰ জব্দ কৰে ৷ লগতে আটক কৰে এগৰাকী বৃদ্ধা মহিলাক ৷ জানিব পৰা মতে, ডিব্ৰুগড়ৰ পৰা লখিমপুৰ অভিমুখে আহি থকা AS07 6930 নম্বৰৰ এখন মাৰুতি ভেনত কানিখিনি কঢ়িয়াই আনিছিল বৃদ্ধাগৰাকীয়ে ৷ উদ্ধাৰ হোৱা কানিৰ পৰিমান আছিল 1 কেজি 700 গ্ৰাম ৷

গাড়ীৰ আৰোহী আন দুজন ব্যক্তিকো সোধপোছা কৰা হৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে বৃদ্ধাগৰাকীৰ বেগ আৰু দুটা মোবাইল ফোন জব্দ কৰি সোধা পোছা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : অজিত ভূঞাক অসমৰ নৱ প্ৰজন্মই ক্ষমা নকৰে: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.