জোনাই,19 মে': অসম-অৰুণাচল সীমান্তৱৰ্তী ৰোকচিনত মুকলি কৰা হ'ল ক'ভিড প্ৰতিষেধক প্ৰদান শিবিৰ ৷ দুয়োখন ৰাজ্যতে 18-44 বছৰ বয়সৰ লোকসকলক প্ৰতিষেধক প্ৰদানৰ উদ্দেশ্যে মুকলি কৰা হয় এই শিবিৰ ৷
মঙলবাৰৰ পৰা সীমান্তৱৰ্তী অঞ্চলটোত প্ৰতিষেধক প্ৰদান কৰাৰ বাবে স্থানীয় বিধায়ক নিনং ইৰিঙে শুভাৰম্ভ কৰে শিবিৰটো ৷ মঙলবাৰৰ দিনটোত শিবিৰটোত 100 গৰাকী লোকক প্ৰতিষেধক প্ৰদান কৰা হয় ৷
লগতে পঢ়ক: ক’ভিড কেয়াৰ কেন্দ্ৰ পৰিদৰ্শন মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ