ETV Bharat / state

ধেমাজি জিলাৰ চিমেন চাপৰিত বৈশাগু পালন - BOISAGU CELEBRATION at DHEMAJI

পহিলা ব’হাগৰ দিনটোত সৰু-ডাঙৰ, বুঢ়া-মেথা, ডেকা-গাভৰু সকলোৱে পুৱাই গা-পা ধুই কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা কৰে আৰু জ্যেষ্ঠজনে কনিষ্ঠজনক আৰ্শীবাদ দিয়ে । সেইদিনাই বড়োসকলে বিভিন্ন দেৱ-দেৱীক পূজা অৰ্চনা কৰাৰ লগতে স্বৰ্গগামী পূৰ্বপুৰুষসকলক স্মৰণ কৰি আত্মাৰ সদগতি কামনাৰে তেওঁলোকৰ পৰা আৰ্শীষ বিচাৰে ।

BOISAGU CELEBRATION AT DHEMAJI
ধেমাজি জিলাৰ চিমেন চাপৰিত বৈশাগু পালন
author img

By

Published : Apr 18, 2021, 7:29 AM IST

Updated : Apr 18, 2021, 7:44 AM IST

জোনাই, 18 এপ্ৰিল : ধেমাজি জিলাৰ চিমেন চাপৰিত অতি উলহ মালহেৰে পালন কৰা হয় অসমৰ আদিম ভূমিপুত্ৰ বড়োসকলৰ অতি হেঁপাহৰ ৰংজালি বৈশাগু উৎসৱ । চ'তৰ সংক্ৰান্তিৰ দিনা বড়োসকলৰ স্বকীয় পৰম্পৰাৰে মোছৌ চান ( গৰু বিহু) পালন কৰাৰ পাচত পহিলা ব’হাগৰ পৰা মানচি চান (মানুহ বিহু) পালন কৰা হয় ।

পহিলা ব’হাগৰ দিনটোত সৰু-ডাঙৰ, বুঢ়া-মেথা, ডেকা-গাভৰু সকলোৱে পুৱাই গা-পা ধুই কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা কৰে আৰু জ্যেষ্ঠজনে কনিষ্ঠজনক আৰ্শীবাদ দিয়ে । সেইদিনাই বড়োসকলে বিভিন্ন দেৱ-দেৱীক পূজা অৰ্চনা কৰাৰ লগতে স্বৰ্গগামী পূৰ্বপুৰুষসকলক স্মৰণ কৰি আত্মাৰ সদগতি কামনাৰে তেওঁলোকৰ পৰা আৰ্শীষ বিচাৰে ।

মানুহ বিহুৰ দিনাৰ পৰা আবাল-বৃদ্ধ-বনিতা সকলোৱে নতুন গামোচা, দখনা, ফুলাম ফালিৰে সাজি কাচি ৰংজালি বৈশাগুলৈ ওলায় । গাঁৱৰ ঘৰে ঘৰে খাম, চিফুং, জোথাৰ, ছেৰজাৰৰ ঝংকাৰত চিমেন চাপৰিৰ বড়ো গাঁৱসমূহ মুখৰিত হৈ পৰে । গাঁৱৰ ডেকা-গাভৰু, বুঢ়া-বুঢ়ী, ল'ৰা-ছোৱালী সকলোৱে দুখ বেদনা এৰি বৈশাগু উৎসৱৰ আনন্দত মতলীয়া হৈ পৰে ৷

ধেমাজি জিলাৰ চিমেন চাপৰিত বৈশাগু পালন

খাম, চিফুং, ছেৰজা, জোথাৰৰ চেৱে চেৱে বৈশাগু গীত গাই ৰং আনন্দত মতলীয়া হৈ পৰে চিমেন চাপৰিৰ লগতে চমকঙৰ বালিগড়া, সোনাপুৰ, চমকং বড়ো, মিছামৰাৰ নাওকাটা, হস্তিনাপুৰ, জয়পুৰ, উলুচাপৰি, মাগুৰমাৰী, বুঢ়ীমুৰী, ডেকাপামৰ মোহনপুৰ, বিজয়পুৰ, ৰামপুৰ, বিবাৰী, হচং, ৰামধন দিখাৰীৰ বগৰীগুৰী, উলুৱনি, জামুগুৰী, বৰদণ্ডী, জোনাইৰ হাতীজান, মাইদাংশ্ৰী, শিলিখাগুৰী, সোনাপুৰ, লাদাংগুৰী আদি বড়ো বসতিপ্ৰধান গাঁৱৰ লোকসকল ।

লগতে পঢ়ক : বিহু মঞ্চত উঠা শিল্পীক কি কৰাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ?

Last Updated : Apr 18, 2021, 7:44 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.