ETV Bharat / state

ধেমাজিত বিজেপিৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান

author img

By

Published : Mar 11, 2021, 4:56 PM IST

বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ডা৹ ৰণোজ পেগুৱে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷ বৃহস্পতিবাৰে প্ৰাৰ্থীজনে গোগামুখ মণ্ডলৰ অন্তৰ্গত কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় ৷

ধেমাজিত বিজেপিৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান
ধেমাজিত বিজেপিৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান

ধেমাজি,11 মাৰ্চ: ধেমাজি বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ডা৹ ৰণোজ পেগুৱে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷ বৃহস্পতিবাৰে প্ৰাৰ্থীজনে গোগামুখ মণ্ডলৰ অন্তৰ্গত মধ্য মিংমাং পঞ্চায়তৰ বামচেনিয়া, ঔগুৰি, টাইগাৰগুৰিকে ধৰি কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় ৷

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণোজ পেগুৱে নিৰ্বাচনী প্ৰচাৰ অভিযানত পূৰ্বৰ চৰকাৰসমূহে ধেমাজি সমষ্টিটোৰ ভিতৰুৱা অঞ্চলসমূহৰ উন্নয়নত যি ধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিল, নকৰিলে বুলি উল্লেখ কৰে ৷ বিজেপি চৰকাৰে ধেমাজি সমষ্টিৰ উন্নয়নত মনোনিবেশ কৰা বুলি মন্তব্য প্ৰদান কৰে ৷

ধেমাজিত বিজেপিৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান

আনহাতে, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে যে, এইবাৰ বিজেপি মিত্ৰজোঁটৰ বিজয় হোৱাটো নিশ্চিত ৷ মহা শিৱৰাত্ৰিৰ দিনটোত মহাদেৱৰ আশীষ কামনা কৰাৰ লগতে ৰুদ্ৰৰুপ ধাৰণ কৰি অপশক্তিক নাশ কৰিব বুলি মন্তব্য কৰে ৷

লগতে পঢ়কঃ হোজাইত পুনৰ কংগ্ৰেছত মোক্ষম আঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.