ETV Bharat / state

জোনাইত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী পালন - ড০ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিন

জোনাইত জোন-জোনালী মাইনা পাৰিজাত আৰু জোনাই লেখিকা সমাৰোহৰ উদ্যোগত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিন উদযাপন(Bhupen Hazarika birth anniversary celebrated in Jonai) ৷

Bhupen Hazarika birth anniversary celebrated in Jonai
জোনাইত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী পালন
author img

By

Published : Sep 9, 2022, 2:14 PM IST

জোনাই ৮ ছেপ্টেম্বৰ: 'ভাৰতৰত্ন' সন্মানেৰে বিভূষিত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিন ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃহস্পতিবাৰে আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হৈছে ৷ ১৯২৬ চনত শদিয়াত জন্মগ্ৰহণ কৰা মহান শিল্পীগৰাকীয়ে জীৱন কালত নিজৰ সৃষ্টিশীল প্ৰতিভাৰে উজ্বলি উঠিছিল বিশ্ববাসীৰ সন্মুখত । সংগীত নাটক একাডেমী, দাদা চাহেব ফাল্কে বঁটাৰ পৰা আৰম্ভ কৰি পদ্মশ্ৰী, পদ্মবিভূষণ, অসমৰত্নৰ পৰা দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্নলৈকে অসংখ্য সন্মানেৰে বিভূষিত বৰেণ্য শিল্পীগৰাকী অসমীয়াৰ চিৰকাল হিয়াৰ আমঠু ৷ সেয়ে 96 সংখ্যক ওপজা দিনটো উলহ-মালহেৰে উদযাপন কৰা হৈছে শদিয়াৰ পৰা ধুবুৰী পৰ্যন্ত (Bhupen Hazarika 96th birth anniversary)৷

জোনাইত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মজয়ন্তী পালন

জোনাই গান্ধীৰোডস্থিত ব্ৰহ্মপুত্ৰ অপছেটৰ প্ৰাংগণত জোন-জোনাকী মইনা পাৰিজাত আৰু জোনাই লেখিকা সমাৰোহৰ উদ্যোগত বৃহস্পতিবাৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন উদযাপন কৰা হয়(Bhupen Hazarika birth anniversary celebrated inJonai)৷ জোনাই জোন-জোনাকী মইনা পৰিজাতৰ সভানেত্ৰী আৰু লেখিকা সমাৰোহৰ উপদেষ্টা ৰিংকুমণি বৰশইকীয়াই সঞ্চালনা কৰা সভাত সুধাকন্ঠৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰে জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ্বৰ পেগুৱে ৷

প্ৰকৃতিপ্ৰেমী তথা লাইমেকুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তোষেশ্বৰ মিৰি আগৰৱাল, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক দলে, আৰু জোনাই লেখিকা সমাৰোহৰ উপদেষ্টা বিনাপানী পেগুৰ লগতে বিভিন্নজনে সুধাকন্ঠৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰে ৷ জোনাই গান্ধীৰোডৰ ব্ৰহ্মপুত্ৰ অফছেটৰ প্ৰাঙ্গনত সন্ধিয়া ৬ বজাত সুধাকণ্ঠগৰাকীৰ জন্মদিন উপলক্ষে আয়োজিত অনুষ্ঠানটি গীত মাতেৰে জীপাল কৰি তোলা হয় ৷ অনুষ্ঠানটোত জোন-জোনাকী মইনা পাৰিজাতৰ সম্পাদিকা পল্লৱী হাজৰিকা দলে,সাংস্কৃতিক সম্পাদিকা গায়ত্ৰী হাজৰিকা কলিতা, সহকাৰী সাংস্কৃতিক সম্পাদিকা ৰিংকু গগৈ, ব্ৰহ্মপুত্ৰ অপছেটৰ স্বত্বাধিকাৰী বিনয় বৰাকে ধৰি বহু লোক উপস্থিত থাকে ৷

লগতে পঢ়ক: কিংবদন্তি গায়ক ভূপেন হাজৰিকাৰ জন্মজয়ন্তী উপলক্ষে গুগলৰ বিশেষ ডুডল

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.