ETV Bharat / state

Bengali Organization Press meet : নিৰ্বাচনৰ পূৰ্বে হিন্দু বাঙালীৰ সমস্যা সমাধান কৰক; বাঙালী অধ্যুষিত অঞ্চলত নিষিদ্ধ হ’ব বিজেপি : বাঙালী সংগঠন

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 9:43 AM IST

বাঙালী ৰাইজক বিজেপিক বৰ্জনৰ আহ্বান । নিৰ্বাচনৰ পূৰ্বে হিন্দু বাঙালীৰ জলন্ত-সমস্যা সমাধান নকৰিলে বাঙালী অধ্যুষিত অঞ্চলত নিষিদ্ধ কৰা হ'ব বিজেপি দলক । চিলাপথাৰত সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে সৰব দুই বাঙালী সংগঠন ।

Bengali Organization Press meet
বাঙালী ৰাইজক বিজেপিক বৰ্জনৰ আহ্বান
বাঙালী ৰাইজক বিজেপিক বৰ্জনৰ আহ্বান

জোনাই, ২ নৱেম্বৰ : হিন্দুত্বৰ শ্ল’গান দি শাসনত অহা বিজেপি দলে নিৰ্বাচনৰ পূৰ্বে হিন্দু বাঙালীসকলৰ ডি ভোটাৰ, বিদেশী সমস্যা, ডিটেনচন কেম্প ভাঙি দিয়াকে বহু জলন্ত-সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি বাঙালী ৰাইজৰ ৯৯ শতাংশ ভোট লৈ অসমত দুবাৰকৈ শাসন চলোৱা বিজেপি দলৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ’ল ।

আজিলৈকে বঙালী ৰাইজৰ জলন্ত-সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আগবঢ়া নাই বিজেপি চৰকাৰ । যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰখনৰ বিৰুদ্ধে সৰব হৈ উঠিছে জনগোষ্ঠীটোৰ দুটাকৈ ছাত্ৰ সংগঠন । বুধবাৰে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু সদৌ অসম বাঙালী জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিয়ে যৌথভাৱে সম্বোধন কৰা এক সংবাদমেলৰ জৰিয়তে কয় যে বিজেপিয়ে কেৱল হিন্দুত্বৰ শ্ল’গান দি ধৰ্মৰ নামত ৰাজনীতি কৰি আহিছে ।

জাতিৰ মাজত বিভেদৰ লগাই সমখজখনক অস্থিৰ কৰি ৰাখিছে । বিজেপিৰ শাসনত বাঙালীয়ে কেৱল বঞ্চনা আৰু প্ৰতাৰণা পাই আহিছে অথচ সমস্যা সমাধান কৰিম বুলি আজিলৈকে নকৰিলে । বসুন্ধৰা আঁচনিৰ জৰিয়তে চৰকাৰখনে চক্ৰান্তমূলকভাৱে বাঙালী হিন্দুক অসমত ভূমিহীন কৰাৰ ষড়ষন্ত্ৰত লিপ্ত হৈছে । তেনে বহু অভিযোগেৰে জনগোষ্ঠীটোৰ দুয়োটা ছাত্ৰ সংগঠনৰ কৰ্মী আক্ৰমণাত্মক হৈ উঠে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে ।

সংগঠনৰ কৰ্মীসকলে অহা ৩ মাহৰ ভিতৰত যদি অসমত বসবাস কৰা হিন্দু-বাঙালী লোকৰ ডি ভোটাৰ বিদেশী সমস্যা, ডিটেনচন কেম্পৰ লগতে বসুন্ধৰা আঁচনিৰ জৰিয়তে ভূমি পট্টা প্ৰদানৰ ব্যৱস্থা নকৰে, তেন্তে নিৰ্বাচনত বিজেপিক বৰ্জন কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰে ।

দিছপুৰত বিজেপিৰ চৰকাৰৰ চলি থকাৰ মাজত ২০১৮ চনত তিনিচুকীয়াৰ ধলা বিচনীমূখত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত ৫ জনকৈ নিৰীহ বাঙালী লোকক গণহত্যা কৰা হ'ল । ঘটনাৰ পাঁচটা বছৰ অতিক্ৰম কৰাৰ পাচতো আজিলৈকে সঠিক তদন্ত নহ'ল । এইখন চৰকাৰে ৰাইজৰ বাবে কেতিয়াও ভাল চিন্তা নকৰে ।

কেৱল মাথোঁ গাদী দখলৰ স্বাৰ্থত বাঙালীসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে । এইক্ষেত্ৰত বিজেপি দলত থকা বাঙালী মন্ত্ৰী-বিধায়ক-নেতা কৰ্মীসকলক সকীয়াই দি কয় যে বিজেপি দলত থাকি যদি বাঙালী জাতিৰ সমস্যা সমাধান কৰিব নোৱাৰে, তেন্তে এই দলৰ পৰা শীঘ্ৰেই পদত্যাগ কৰক অন্যথা বাঙালী অধ্যুষিত এলেকাত প্ৰৱেশ নিষেধ কৰা হ'ব বুলিও উল্লেখ কৰে সংবাদমেলৰ জৰিয়তে ।

সংবাদমেলত ফেডাৰেশ্যনৰ ৰাজ্যিক উপ-সভাপতি ধনঞ্জয় নাথ, ধেমাজি জিলাৰ সভাপতি কালন দেৱনাথে আৰু বাঙালী জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি শান্তমনি সৰকাৰৰ লগতে কেবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক : Lat mandal arrested: জেপত সুমুৱাবলৈ নাপালে নয়নমণিয়ে লক্ষ্মীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.