ETV Bharat / state

Guinness book of World Record: গ্ৰীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে সাজু ধেমাজিৰ বিহুৱা-বিহুৱতী - ৰঙালী বিহু

ধেমাজি জিলাৰ ৪০০ বিহুৱা-বিহুৱতীয়ে ভাগ ল’ব গুৱাহাটীৰ বিহু নৃত্যানুষ্ঠানত (world record by performing Rangali Bihu) ৷

guinness book of world record by performing rangali bihu
বিহু নৃত্যৰ আখৰা শিবিৰ
author img

By

Published : Mar 28, 2023, 10:04 AM IST

বিহু নৃত্যৰ আখৰা শিবিৰ

ধেমাজি, 28 মাৰ্চ : সোমবাৰৰ পৰা ধেমাজি বিধান সভাৰ সমষ্টিত আৰম্ভ হৈছে পাঁচদিনীয়াকৈ বিহু নৃত্যৰ আখৰা শিবিৰ । একেলগে বাজি উঠিছে ষাঠীটাৰো অধিক ঢোল ৷ সমান্তৰালভাৱে একেটা চাপৰত ক্ৰুটি মুক্ত হৈ নচাৰ প্ৰয়াস কৰিছে এশ চল্লিশৰো অধিক নাচনীয়ে ৷ লক্ষ্য 14 এপ্ৰিল 2023 ৷ কাৰণ ৰাজ্য চৰকাৰৰ উদ্যোগত এই বৰ্ষৰ ৰঙালী বিহু অৰ্থাৎ ১৪ এপ্ৰিলৰ দিনা গুৱাহাটীত একেলগে 11 হাজাৰ বিহুৱা-বিহুৱতীৰ দ্বাৰা নৃত্য প্ৰদৰ্শনৰ অভিনৱ আৰু অভিলাষী অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত ধেমাজি জিলাৰো ৪০০ বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰি বিহু নাচ প্ৰদশৰ্ন কৰিব (Assam Bihu dance Guinness book of World Record) ।

guinness book of world record by performing rangali bihu
বিহু নৃত্যৰ আখৰা শিবিৰ

ৰেকৰ্ড গঢ়াৰ এই অনুষ্ঠানৰ বাবে ধেমাজি জিলাৰ দুয়োটা বিধানসভা সমষ্টিৰ পৰা ২০০ কৈ মুঠ ৪০০ বিহুৱা-বিহুৱতীক নিৰ্বাচন কৰা হ’ব ৷ ইতিমধ্যে প্ৰাৰম্ভিক নিৰ্বাচনৰ অন্তত সোমবাৰৰ পৰা ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি নগৰ চিলাৰায় ভৱনত পাচঁদিনীয়াকৈ ঢুলীয়া আৰু নাচনীৰ বিহু নৃত্য আখৰা শিবিৰ অনুষ্ঠিত কৰা হৈছে ৷ শিবিৰত অভিজ্ঞ বিহুৱতী আৰু ঢুলীয়াৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে (Assam ready to set Guinness book of world record) ৷ বৰ্তমান শিবিৰত এশ চল্লিশগৰাকী নাচনী আৰু ষাঠী গৰাকী ঢুলীয়াক চূড়ান্ত বাছনি কৰা হ’ব ৷

বিহু নৃত্যৰ আখৰা শিবিৰৰ সমগ্ৰ প্ৰক্ৰিয়াটো ধেমাজি জিলা প্ৰশাসনৰ তৎপৰতাত জিলা সাংস্কৃতিক কাৰ্যালয়ৰ বিষয়ববীয়া আৰু ধেমাজি জিলা বিহু সুৰক্ষা সমিতিৰ বিষয়ববীয়া সকলে ব্যৱস্থাপনা কৰিছে বুলি জানিবলৈ দিছে ৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ধেমাজিৰ তেলিজান আন্তঃজিলা বাছ আস্থানত অনুষ্ঠিত হৈ যোৱা প্ৰাৰম্ভিক আখৰা শিবিৰত বহু কেইগৰাকী অংশগ্ৰহণকাৰী নাচনীয়ে বাছনি প্ৰক্ৰিয়াত ব্যাপক খেলিমেলি হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷ তাৰ লগতে প্ৰশাসন তথা বিহু সুৰক্ষা সমিতিৰ বিৰুদ্ধেও একাংশ নাচনী আৰু অভিভাৱকে অভিযোগ উত্থাপন কৰিছিল ।

পৰৱৰ্তী সময়ত অৰ্থাৎ ২৭ মাৰ্চৰ পৰা আৰম্ভ হোৱা পাচঁদিনীয়া আখৰা শিবিৰতো নাম নথকাক লৈ একাংশ অভিভাৱক আৰু বিহুৱতীয়ে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল ৷ কিন্তু উদ্যোক্তাৰ বুজনিত অৱশেষত পৰিস্থিতি শান্ত হয় আৰু আখৰাত অংশগ্ৰহণ কৰিবৰ বাবে সুযোগ লাভ কৰে ৷ জিলাখনৰ দুয়োটা সমষ্টিৰ চাৰি শতাধিক নাচনী ঢুলীয়াই সফলতাৰে অংশগ্ৰহণ কৰিছে এই আখৰা শিবিৰত (Bihu dance workshop across Assam) ৷

লগতে পঢ়ক : Bihu dance in Guinness world record: তিনিচুকীয়াত বিহু নাচৰ প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.