জোনাই, 10 জুনঃ জোনাইৰ বেৰা চাপৰিৰ চিয়াং নদীৰ পাৰত এম জি এন ৰেগাৰ অধীনত নিৰ্মাণ হৈ থকা ৫০ লাখ টকীয়া মথাউৰি খহি বিচ্ছিন্ন হৈছে বাৰিষাৰ পূৰ্বেই বেৰা চাপৰি অঞ্চলত চিয়াং নদীৰ বান আৰু খহনীয়াৰ পৰা নৈ পৰীয়া ৰাইজৰ সুৰক্ষা বাবে নিৰ্মাণ হৈ থকা মথাউৰিটো কেইবাঠাইতো বিচ্ছিন্ন কৰি পেলাইছে চিয়াং নদীৰ সাধাৰণ বাঢ়নি পানীয়ে ৷
৬ মে' আৰু ৩১ মে'ত একে মাহতে মথাউৰিটো দুবাৰকৈ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছিল অসম চৰকাৰ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলে ৷ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু সহিত মন্ত্ৰী নৱ কুমাৰ দলে প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই মথাউৰিটোৱে চিয়াং নদীৰ বান খহনীয়াৰ পৰা সুৰক্ষা প্ৰদান কৰিব বুলি ৰাইজক আশ্বাস প্ৰদান কৰি আহিছে ৷
কিন্তু এতিয়া দুই এজাক বৰষুণেই ঠায়ে ঠায়ে মথাউৰিটো বিচ্ছিন্ন কৰি তোলাত হাহাকাৰ সৃষ্টি হৈছে নৈ পৰীয়া ৰাইজৰ মাজত ৷সেয়ে এতিয়া উপায়ন্তৰ হৈ ৰাইজে মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত সংগঠিত হোৱা অনিয়ম সন্দৰ্ভত তদন্ত কৰাৰ লগতে শক্তিশালী ৰূপত মথাউৰিটো নিৰ্মাণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ৰাইজে৷
লগতে পঢ়কঃ মহানগৰীত পিপিই কিট আতংক