ETV Bharat / state

স্বয়ম্ভু সংবাদ কৰ্মীৰ বিৰুদ্ধে সৰৱ ধেমাজি প্ৰেছ ক্লাৱ - ৱেব প'ৰ্টেল

একাংশ ৱেব প'ৰ্টেলৰ স্বয়ম্ভু সংবাদ কৰ্মীৰ কামত ক্ষুণ্ণ ধেমাজি প্ৰেছ ক্লাৱ। সাংবাদিকতাৰ ক্ষেত্ৰখনক কলুষিত কৰা সংবাদ কৰ্মীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী। ধেমাজিৰ জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেছ ক্লাৱৰ।

স্বয়ম্ভূ সংবাদ কৰ্মীৰ বিৰুদ্ধে সৰৱ ধেমাজি প্ৰেছ ক্লাৱ

author img

By

Published : Oct 15, 2020, 4:52 PM IST

ধেমাজি, ১৫ অক্টোবৰ: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাই অহা ৱেব প'ৰ্টেলৰ একাংশ সংবাদ কৰ্মীয়ে সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ অশনি সংকেত মাতি আনিছে। ধেমাজিতো ৱেব প'ৰ্টেলৰ লগত জড়িত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে বাতৰি সংগ্ৰহ কৰাৰ নামত সাধাৰণ লোকক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ এই দুষ্কাৰ্যৰ বিষয়ে বহু লোকে ধেমাজি প্ৰেছ ক্লাৱক অৱগত কৰে । সাংবাদিকতাৰ ক্ষেত্ৰখনক কলুষিত কৰা সংবাদ কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে প্ৰেছ ক্লাৱৰ সভাপতি প্ৰেমানন্দ তালুকদাৰৰ সভাপতিত্বত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।

স্বয়ম্ভূ সংবাদ কৰ্মীৰ বিৰুদ্ধে সৰৱ ধেমাজি প্ৰেছ ক্লাৱ
স্বয়ম্ভূ সংবাদ কৰ্মীৰ বিৰুদ্ধে সৰৱ ধেমাজি প্ৰেছ ক্লাৱ

সভাত ৱেব প'ৰ্টেলৰ স্বয়ম্ভু সংবাদ কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণক লৈ এক প্ৰস্তাৱ গ্ৰহণ কৰি সিদ্ধান্ত লোৱা হয় আৰু প্ৰস্তাৱৰ প্ৰতিলিপি ধেমাজি জিলা উপায়ুক্ত নৰসিং পাৱাৰ আৰু জিলা আৰক্ষী অধীক্ষক ড০ ধনঞ্জয় ঘানাৱটৰ হাতত অৰ্পণ কৰা হয় ৷

লগতে পঢ়ক:প্ৰাপ্তি অপ্ৰাপ্তিৰ আশাত 36 বছৰীয়া হ'ল আঞ্চলিক দল অসম গণ পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.