ETV Bharat / state

Congress Meet in Dhemaji: ৰাণাৰ ৰণডংকা, ‘‘বাগানৰ পৰা বিজেপিৰ শিপা উঘালি অসমত শান্তি প্ৰতিষ্ঠাৰ কৰিম’’

ধেমাজিত প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ৷ ‘‘বিজেপিৰ শিপা উঘালিবলৈ সাজু হৈছে কংগ্ৰেছ ৷ বিজেপিৰ শোষণ নীতি, স্বেচ্ছাৰিতাৰ পৰা মুক্তিৰ বাবে কাম কৰম ৷’’ এই মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামীৰ ৷

Congress Meet in Dhemaji
‘বাগানৰ পৰা বিজেপিৰ শিপা উঘালি অসমত শান্তি প্ৰতিষ্ঠাৰ কৰিম
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 8:35 AM IST

বাগানৰ পৰা বিজেপিৰ শিপা উঘালি অসমত শান্তি প্ৰতিষ্ঠাৰ কৰিম

ধেমাজি, 4 আগষ্ট : আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসক-বিৰোধী সাজু হৈছে ৷ অসমৰ বিজেপি চৰকাৰৰ বিফলতা দিশসমূহ লগতে বিভিন্ন প্ৰতিশ্ৰুতিৰে ৰাইজৰ কাষ চাপিছে প্ৰদেশ কংগ্ৰেছে ৷ বিশেষকৈ ‘‘বাগানে বাগানে’’ কাৰ্যসূচীৰে বাগানৰ শ্ৰমিক সকলৰ সৈতে মত বিনিময় কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বত ৷ সমান্তৰালভাৱে বিজেপিক বিপদত পেলাবলৈ বিভিন্ন ৰণনীতি প্ৰস্তুত কৰিছে প্ৰদেশ কংগ্ৰেছে ৷ দেওবাৰে ধেমাজিত অনুষ্ঠিত হয় প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ৷

উক্ত সভাত অংশ গ্ৰহণ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাণা গোস্বামীয়ে ৷ সভাৰ পাচতে সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত ৰাণা গোস্বামীয়ে বিজেপিক সমালোচনা কৰি কয়, ‘‘বিজেপিয়ে জনগণক কেকোঁৰা চেপা দি চেপি চেপি খাইছে ৷ বিজেপি দলৰ যি শোষণ নীতি, স্বেচ্ছাচাৰিতাৰ বাবে অসমৰ ৰাইজ আজি অতিষ্ঠ ৷ অসমৰ ইতিসাহত নঘটা ঘটনা সংঘটিত হৈছে ৷ মহিলাই অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰিব লগা হৈছে ৷ মূল্যবৃদ্ধিৰ বাবে ৰাইজ আজি অতিষ্ঠ হৈছে ৷ অসমৰ ৰাইজ জ্বলি-পকী আছে ৷ সেয়ে অসমৰ ৰাইজক কেনেকৈ শান্তি দিব পাৰি, কেনেকৈ কেকোঁৰা চেপাৰ পৰা উদ্ধাৰ কৰিব পাৰি তাৰ বাবে আলোচনা হৈছে ৷ সেয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত বিজেপিৰ শিপা উঘালিবলৈ সাজু হৈছে কংগ্ৰেছ ৷’’

আনহাতে চৰকাৰে লোৱা বহু বিবাহ বন্ধ কৰাৰ সিদ্ধান্তৰ সন্দৰ্ভত তেওঁ কয় যে, আগন্তক 45 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে বহু বিবাহ বন্ধ কৰাৰ পদক্ষেপ ল’বলৈ চূড়ান্ত খচৰা প্ৰস্তুত কৰাৰ দিশে আগবাঢ়িছে ৷ বহু বিবাহ বন্ধ কৰাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ পূৰ্বে চৰকাৰে বিভিন্ন ৰাজনৈতিক দলৰ অভিমতৰ লগতে সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলৰ মতামত গ্ৰহণ কৰাটো উচিত ৷

লগতে পঢ়ক:Gorkha Students Union: আঠ ছেপ্টেম্বৰত জোনাই কঁপাব গোৰ্খা ছাত্ৰ সন্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.